অসম

assam

By

Published : Oct 5, 2019, 7:52 PM IST

ETV Bharat / state

দৰঙত চিকিৎসাৰ অভাৱত কিশোৰীৰ মৃত্যু !! উত্তপ্ত চিকিৎসালয়ৰ চৌহদ

দৰঙৰ দলগাঁৱৰ ৰাজ্যিক চিকিৎসালয়ত চিকিৎসাৰ অভাৱত কিশোৰীৰ মৃত্যু । চিকিৎসালয়ত চিকিৎসক নথকাত চিকিৎসাৰ অভাৱত মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ । ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ।

দলগাঁৱৰ ৰাজ্যিক চিকিৎসালয়

দলগাঁও, ৫ অক্টোবৰঃদৰঙৰ দলগাঁৱৰ ৰাজ্যিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি । ৮ বছৰীয়া কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । মৃত্যু হোৱা কিশোৰীগৰাকী জ্বৰত আক্ৰান্ত হৈ চিকিৎসাৰ বাবে আহিছিল দলগাঁও ৰাজ্যিক চিকিৎসালয়লৈ । কিন্তু চিকিৎসালয়ত চিকিৎসক নথকাত চিকিৎসাৰ অভাৱত মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ । চিকিৎসালয়ত মৃত্যু হোৱা ৮ বছৰীয়া কিশোৰী গৰাকী ১ নং বটাবাৰী গাঁৱৰ ৰেনুকা বেগম । পাচত ন্যায় বিছাৰি বিভিন্ন দল-সংগঠন আৰু ৰাইজে চৰকাৰ বিৰোধি বিভিন্ন শ্ল'গান দি উত্তপ্ত কৰে চিকিৎসালয় চৌহদ ।

দৰঙত কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details