দৰং,5 মে’ঃ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন বিতৰণত ব্যাপক খেলিমেলি দৰঙত । চৰকাৰী প’ৰ্টেলত প্ৰকাশিত তালিকাত প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে অন্য লোকৰ নাম সন্নিবিষ্ট হোৱাত অসন্তুষ্টি প্ৰকাশ স্থানীয় ৰাইজৰ । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষকসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে মুকলি কৰিছিল পিএম কিষাণ সন্মান নিধি ৷ এই আঁচনিৰ অধীনত তিনিটা পৰ্যায়ত কৃষকসকলক ছয় হাজাৰ টকা দিবলৈ নিৰ্ধাৰণ কৰা হৈছিল । সেইমৰ্মে কৃষকসকলে লাভ কৰে এই ধন ৷
দৰঙত কিদৰে বিতৰণ হৈছে প্ৰধানমন্ত্ৰীৰ কিষাণ নিধিৰ ধন !
প্ৰধানমন্ত্ৰীৰ কিষাণ নিধিৰ ধন বিতৰণৰ ক্ষেত্ৰত ব্যাপক খেলিমেলিৰ অভিযোগ দৰঙত ৷ তালিকাত নাম নাই প্ৰকৃত হিতাধিকাৰীৰ ৷ ঘটনাৰ উচিত তদন্তৰ দাবী আছুৰ ৷
কিষাণ নিধিৰ ধন বিতৰণৰ ক্ষেত্ৰত ব্যাপক খেলিমেলি
কিন্তু, শেহতীয়াকৈ দৰঙত প্ৰকাশ পোৱা তালিকাত পোহৰলৈ আহে ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ ঘটনা ৷ জিলাখনৰ ঔতলা গাওঁ পঞ্চায়তৰ দহখন গাঁৱৰ প্ৰকাশিত তালিকাত একাংশ অচিনাক্ত লোকৰ নাম সন্নিবিষ্ট হোৱাত হতভম্ব হয় প্ৰকৃত হিতাধিকাৰীসকল ৷ উক্ত ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে দৰং জিলা আছুয়ে ৷
লগতে চাওকঃতেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত সাজু জ’নেল কোৱাৰেণ্টাইন কেন্দ্ৰ