অসম

assam

ETV Bharat / state

শদিয়াৰ পৰা ধুবুৰীলৈ একেই প্ৰতিবাদঃ সকলোতে মাথো "NO CAB" ধ্বনি

সোমবাৰে পুৱা পাঁচ বজাৰ পৰা কেব বাতিলৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ তিনিচুকীয়া জিলাত সৰ্বাত্মক ভাৱে পৰে ৷

By

Published : Dec 9, 2019, 10:03 PM IST

কেবৰ বিৰুদ্ধে প্ৰতিবাদ
কেবৰ বিৰুদ্ধে প্ৰতিবাদ

নিউজ ডেস্ক, 9 ডিচেম্বৰ : অৱশেষত বিপুল ভোটৰ সমৰ্থনত লোকসভাত গৃহমন্ত্ৰীয়ে উত্থাপন কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ কিন্তু শান্ত হোৱা নাই অসমীয়া ৷ সোমবাৰেও ৰাজ্যৰ 33 খন জিলাতে প্ৰতিবাদ অব্যাহত ৰাখিলে বিভিন্ন দল সংগঠনৰ লগতে ছাত্ৰ সমাজে ৷

কেবৰ বিৰুদ্ধে প্ৰতিবাদ

সংখ্যালঘু অধ্যুষিত দৰঙৰ খাৰুপেটীয়াত কেবৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে খাৰুপেটীয়া পাচলি বজাৰ আলিকাষ ঘনশিমলু বনিক সন্থাই ৷ কেব কোনোপধ্যে মানি নোলোৱাৰ স্থিতিত অটল আছু ৷ কলিয়াবৰত এই বিধেয়কখনৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই কলিয়াবৰৰ কুঁৱৰীটোলত ৰাজপথ অৱৰোধ কৰি কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । বিশ্বনাথতো সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অনশন কাৰ্যসূচী ৰূপায়ন কৰে বিধেয়ক বিৰোধীয়ে ৷ লগতে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে আইতায়ো ৷

দৰং, কলিয়াবৰ,বিশ্বনাথ

সমগ্ৰ ৰাজ্যৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কলগাছিয়াৰ মইনবৰীত বৰভিটা আঞ্চলিক আমছুৱে সোমবাৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । যিজন মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ সময়ত ৰাইজৰ মাজত সোমাই আছিল আৰু অসমৰ ৰাইজে আশাত লৈ তেওঁক গাদীত বহুৱাইছিল তেওঁ কিয় আজি ৰাইজৰ সন্মুখত থিয় দিব পৰা নাই বুলি তেজপুৰৰৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নাগৰিক সমাজৰ নেতৃত্বত কেবাটাও সংগঠনে ৷ চৌদিশে প্ৰতিবাদৰ জুই জ্বলি থকাৰ সময়তে হাতে হাতে ভলুকা বাহ লৈ টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ বাসগৃহ ঘেৰাও কৰিলে প্ৰতিবাদকাৰীয়ে ।

কলগাছিয়া,তেজপুৰ,টীয়ক, হাজো, তিনিচুকীয়া, গোলাঘাট

সমান্তৰালকৈ হাজোতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কৰি উত্তাল প্ৰতিবাদ কৰে আছু নেতা কৰ্মীয়ে ৷ সোমবাৰে পুৱা পাঁচ বজাৰ পৰা কেব বাতিলৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ তিনিচুকীয়া জিলাত সৰ্বাত্মক হৈ পৰে ৷ মৰাণ ছাত্ৰ সন্থাৰ কৰ্মীসকলে বিধায়ক সঞ্জয় কিষাণৰ বাসগৃহ ঘেৰাও কৰাৰ লগতে জিলা উপায়ুক্তৰ মূল প্ৰৱেশদ্বাৰত টায়াৰ জ্বলাই কেব বাতিলৰ দাবী জনাই ৷ গোলাঘাটতো তিনিওগৰাকী মন্ত্ৰী সোণোৱাল, অমিত শ্বাহ আৰু অতুল বৰাৰ প্ৰতিকৃতি ফাঁচী কাঠত ওলমাই প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷

কেবৰ বিৰুদ্ধে প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিলসন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী সকল । সমান্তৰালকৈ বিধেয়কৰ বিৰোধিতা কৰি বিধেয়কৰ প্ৰতিলিপি দাহ কৰে বঙাইগাঁৱৰ বীৰঝৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে লগতে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ধেমাজী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ আনহাতে নগাঁৱত ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদলে বিধায়ক ৰূপক শৰ্মাৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

ৰাজ্যৰ ছাত্ৰ সমাজ

ABOUT THE AUTHOR

...view details