অসম

assam

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 2:56 PM IST

ETV Bharat / state

Dragon Fruits Farming: খাৰুপেটীয়াত লমালমে লাগিছে ড্ৰেগন ফল

ৰাজ্যৰ কৃষিখণ্ডলৈ আশাৰ বতৰা । খাৰুপেটীয়াত বিঘাই বিঘাই ড্ৰেগন ফলৰ খেতি । ১০ বিঘা মাটিত ২৫ হাজাৰ ড্ৰেগন ফলৰ খেতি । প্ৰতি কিলো বিক্ৰী হৈছে ৩৫০/৪০০ টকা দৰত ।

Dragon Fruits Khagjani village of Kharupetia
কৃষি খণ্ডলৈ আশাৰ বতৰা

কৃষিখণ্ডলৈ আশাৰ বতৰা

দলগাঁও, ১৪ নবেম্বৰ:দৰঙৰ খাৰুপেটীয়াৰ খগজানী গাঁৱৰ প্ৰগতিশীল খেতিয়ক জৰীপ আলীয়ে ৭০ বিঘা মাটিত বিভিন্ন প্ৰজাতিৰ ফলমূলৰ লগতে ১০ বিঘা মাটিত আৰম্ভ কৰিছে কেকটাছ প্ৰজাতিৰ ড্ৰেগন ফলৰ খেতি । বিগত বৰ্ষত বিঘাই বিঘাই বিভিন্ন প্ৰজাতিৰ বগৰী, মাল্টা, মধুৰীআম, চাইনিজ কমলা, অল টাইম আম আদিৰ খেতি কৰি প্ৰচুৰ লাভ কৰি চৰ্চিত হোৱা দৰঙৰ খাৰুপেটীয়াৰ খগজানী গাঁৱৰ খেতিয়ক জৰীপ আলীয়ে এইবাৰ কেকটাছ প্ৰজাতিৰ ড্ৰেগন ফলৰ খেতি আৰম্ভ কৰিছে । খাৰুপেটীয়াৰ নিকটৱৰ্তী খগজানী গাঁৱৰ প্ৰগতিশীল খেতিয়কজনৰ এনে খেতিয়ে ৰাজ্যৰ কৃষিখণ্ডলৈ নিঃসন্দেহে কঢ়িয়াই আনিছে আশাৰ বতৰা ।

তেওঁ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ১০ বিঘা মাটিত ২০ লাখ টকা খৰচ কৰি ৰোপণ কৰে ৮ টা প্ৰজাতিৰ ২৫ হাজাৰ পুলি । কৃষক জৰীপ আলীয়ে এই সন্দৰ্ভত কয় যে ২০ বছৰ পৰ্যন্ত বছৰৰ ৮ মাহ ফল দিয়া একমাত্ৰ খেতি হৈছে ড্ৰেগন ফলৰ খেতি । টেলিচ পদ্ধতিত কৰা চিৰহৰিৎ লতাজাতীয় ড্ৰেগন গছ লহপহকৈ বাঢ়ি পকা খুটাৰে বগাই ৫ মাহতেই হৈছে ফল-ফুল । প্ৰতি কেজি ফল স্থানীয় বজাৰত বিক্ৰী কৰা হৈছে ৩৫০ পৰা ৪০০ টকাত । উক্ত খেতিত দৈনিক কৰ্মৰত হৈ আছে পুৰুষ মহিলাকে ধৰি ১০/১২ গৰাকীকৈ শ্ৰমিক ।

যি সময়ত ৰাজ্যত নিৱনুৱা সমস্যাই শিক্ষিত যুৱক-যুৱতীক হতাশ কৰা পৰিলক্ষিত হৈছে তেনেক্ষেত্ৰত এনে ধৰণৰ খেতিয়ে এতিয়া আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ৷ সেয়ে চাকৰিৰ পিছে পিছে নুঘুৰি প্ৰচুৰ ‌উপাৰ্জন থকা খেতি কৰি নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ নিবনুৱা যুৱক যুৱতীক আহ্বান জনাইছে কৃষক জৰীপ আলীয়ে ।

উল্লেখযোগ্য যে জৰীপ আলীয়ে বিগত বৰ্ষত ৪৮ বিঘা মাটিত জৈৱিক পদ্ধতিৰে বিভিন্ন প্ৰজাতিৰ ফল-মূলৰ খেতি কৰি প্ৰচুৰ লাভৱান হৈছে । কৃষি বিভাগৰ কেইবাটাও বঁটা আজুৰি আনিবলৈ সক্ষম এইজন কৃষকে।

লগতে পঢ়ক:Irrigation scheme: 20 বছৰে বিকল আঁচনি পুনৰুজ্জীৱিত কৰিবলৈ গা লৰিল জলসিঞ্চন বিভাগৰ

ABOUT THE AUTHOR

...view details