অসম

assam

By

Published : Oct 22, 2022, 10:43 PM IST

ETV Bharat / state

TMC Leader Ripun Bora : বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ ৰাইজে তৃণমূল কংগ্ৰেছক বাচনি কৰিছে !

সকলো ৰাজনৈতিক দলক ‘টেষ্ট’ কৰাৰ পাছত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ এইবাৰ তৃণমূল কংগ্ৰেছক বাচনি কৰিছে ৰাইজে ৷ এই মন্তব্য তৃণমূল কংগ্ৰেছ, অসমৰ সভাপতি ৰিপুন বৰাৰ (Assam TMC president)৷

TMC Leader Ripun Bora
বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ ৰাইজে তৃণমূল কংগ্ৰেছক বাচনি কৰিছে !

দৰং, 22 অক্টোবৰ : বিজেপিক প্ৰতিৰোধ কৰিব পৰা একমাত্ৰ ৰাজনৈতিক দল হিচাবে তৃণমূল কংগ্ৰেছক ৰাইজে আকোঁৱালি লৈছে ৷ যাৰ বাবে মাত্ৰ ছয় মাহত অসমৰ 26 খন জিলাত কাৰ্যালয় স্থাপন কৰিবলৈ সক্ষম হৈছে তৃণমূল কংগ্ৰেছে (Trinamool Congress office in Assam)৷ শনিবাৰে সংবামেল সম্বোধন কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এইদৰে মন্তব্য কৰে ৷

2024ৰ লোকসভা নিৰ্বাচনৰ(Lok Sabha election 2024) প্ৰতি লক্ষ্য ৰাখি কঁকালত টঙালী বান্ধিছে শাসক বিৰোধীয়ে ৷ পিছ পৰি ৰোৱা নাই 6 মাহ পূৰ্বে অসমত আত্মপ্ৰকাশ কৰা তৃণমূল কংগ্ৰেছ দলটোও ৷ ৰাজ্যৰ প্ৰতিখন জিলাতে ইতিমধ্যে কমিটি গঠন কৰি কাৰ্যালয় নিৰ্মাণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে দলটোৱে ৷ এই পৰ্যন্ত 26 খন জিলাত কাৰ্যালয় নিৰ্মান কৰি দলীয় কাম-কাজ আগবঢ়াইছে দলটোৱে ৷ শনিবাৰে দৰং জিলা তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ৰ(TMC Darrang district office) দ্বাৰ মুকলি কৰি তৃণমূল কংগ্ৰেছ, অসমৰ সভাপতি ৰিপুন বৰাই আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতিৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰাৰ লগতে বিৰোধী দলসমূহকো সমালোচনা কৰে ৷

অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা

ৰাইজে প্ৰতিটো ৰাজনৈতিক দলকে ‘টেষ্ট’ কৰিলে বুলি উল্লেখ কৰি ৰিপুন বৰাই কয় যে, এতিয়া ৰাইজে তৃণমূল কংগ্ৰেছক বিচাৰিছে ৷ বি জে পিক ৰাইজক মিচাকথা কোৱা, প্ৰলোভিত কৰা, ৰাইজক বিপথে পৰিচালিত কৰা দল বুলি মন্তব্য কৰে ৰিপুন বৰাই ৷ লগতে তেওঁ কয় যে, ৰাইজে বজাৰত বাৰে বাৰে টেঙা আম কিনিব নালাগে । বৰ্তমান ৰাইজে বিজেপিৰ বিৰুদ্ধে শক্তিশালীভাৱে যুঁজ কৰিব পৰা দল বিচাৰিছে বুলি উল্লেখ কৰে তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে (TMC leader Ripun Bora)।

আনহাতে বদৰুদ্দিন আজমলৰ সন্দৰ্ভত তেওঁ কয় যে, আজমল বি জে পিৰ এজেণ্ট । যিদৰে ফলেই বৃক্ষৰ পৰিচয়, ঠিক সেইদৰে আজমলৰ কাৰ্যই পৰিচয় বুলি মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে ৷ এনেদৰে দৰং জিলা তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় দ্বাৰ মুকলি কৰি মন্তব্য আগবঢ়ায় অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই(Ripun Bora criticises Badruddin Ajmal)।

লগতে পঢ়ক :Hikes of home guards daily allowance: চৰকাৰক ধন্যবাদ জনালে লখিমপুৰ গৃহৰক্ষী জিলা সমিতিয়ে

ABOUT THE AUTHOR

...view details