অসম

assam

By

Published : Dec 7, 2020, 10:29 AM IST

ETV Bharat / state

বিটিচি নিৰ্বাচন : ওদালগুৰিৰ 10টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

বিটিচি পৰিষদীয় প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমা আৰু ওদালগুৰি মহকুমা (সদৰ)ত মুঠ 10টা পৰিষদীয় সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ভেৰগাঁও মহকুমাৰ 5 টা পৰিষদীয় সমষ্টিৰ মুঠ 2,98,705 গৰাকী ভোটাৰে সাব্যস্ত কৰিব তেওঁলোকৰ ভোট ৷

1st phase of btc election happening in udalguri
বিটিচি নিৰ্বাচন : ওদালগুৰিৰ 10টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

দৰং,7 ডিচেম্বৰ : সোমবাৰে আৰম্ভ হৈছে বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ৰাতিপুৱাৰে পৰা ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমা আৰু ওদালগুৰি মহকুমা (সদৰ)ত মুঠ 10টা পৰিষদীয় সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

এইবাৰৰ পৰিষদীয় নিৰ্বাচনত ভেৰগাঁও মহকুমাৰ 5টা পৰিষদীয় সমষ্টিৰ মুঠ 2,98,705 গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব । ভেৰগাঁও মহকুমাত সৰ্বমুঠ 3000 কৰ্মচাৰীয়ে বিভিন্ন পৰ্যায়ত কাম কৰিছে । মহকুমাটোত আছে মুঠ 395 টা ভোটগ্ৰহণ কেন্দ্ৰ ৷

বিটিচি নিৰ্বাচন : ওদালগুৰিৰ 10টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

আনহাতে ওদালগুৰি মহকুমাৰ 5টা সমষ্টিত আছে 412 টা ভোটগ্ৰহণ কেন্দ্ৰ ৷ ইয়াৰে 86টা স্পৰ্শকাতৰ আৰু 57টা অতি স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ বুলি জানিব পৰা গৈছে । 2000ৰো অধিক কৰ্মচাৰী নিয়োগ কৰা হ’ব ভোট গ্ৰহণ প্ৰক্ৰিয়াত ৷ দৰং জিলাৰ নিয়া অনা হ’ব মুঠ 150 গৰাকী কৰ্মচাৰী ৷

চহৰ অঞ্চলৰ 18টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিব মহিলা কৰ্মচাৰীয়ে । 5টা সমষ্টিৰ 3,23,703 গৰাকী ভোটাৰে মুঠ 32 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷

লগতে পঢ়ক :শান্তিপূৰ্ণভাৱে ভোট দানৰ আহ্বান বিপিএফৰ প্ৰাৰ্থী অনচুমৈ খুংগুৰ বড়োৰ

ABOUT THE AUTHOR

...view details