চিৰাং, 8 আগষ্টঃ চিৰাঙত বনৰীয়া হাতীৰ তাণ্ডৱ ৷ ভাৰত-ভূটানৰ লাইমুতিত বন্যহস্তীয়ে ঘৰ ভাঙি প্ৰাণ ল'লে এগৰাকী বৃদ্ধাৰ । চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ অন্তৰ্গত লাইমুতিৰ চানজৌৰাং গাঁৱত শুকুৰবাৰে নিশা এটা বনৰীয়া হাতীয়ে চলাই তাণ্ডৱ । ৰিপু চিৰাং বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত চাৰি সন্তানৰ মাতৃ নিবাছী হাজোৱাৰী নামৰ এগৰাকী মহিলাৰ মৃত্যু হয়। ঘৰত শুই থকা অৱস্থাতে হাতীটোৱে আক্ৰমণ কৰে বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে । নিশা প্ৰায় ১০:৩০ বজাত সংঘটিত হোৱা এই ঘটনাত মহিলাগৰাকীৰ স্বামী জুৱেল হাজোৱাৰী কোনোমতে ঘৰৰ পৰা ওলাই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় নিবাছি হাজোৱাৰী ৷ আহত মহিলাগৰাকীক স্থানীয় বাসিন্দাই চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়লৈ যোৱাৰ পথতে মৃত্যু ঘটে মহিলা গৰাকীৰ ।
চিৰাঙত বন্যহস্তীয়ে প্ৰাণ ল'লে এগৰাকী মহিলাৰ
চিৰাঙৰ লাইমুতিত বন্যহস্তীৰ ত্ৰাস । ৰিপু চিৰাং বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীৰ আক্ৰমণত শুকুৰবাৰে মৃত্যু হয় এগৰাকী মহিলাৰ ৷ লগতে বনৰীয়া হাতীটোৱে সম্পূৰ্ণৰূপে ভাঙি পেলাই মৃত মহিলা গৰাকীৰ বাসগৃহ ৷
চিৰাঙত বন্যহস্তীয়ে প্ৰাণ ল'লে এগৰাকী মহিলাৰ
উল্লেখ্য যে,চিৰাঙত বন্যহস্তীৰ আক্ৰমণত মৃত্যু হোৱা এয়া প্ৰথম ঘটনা নহয় ৷ চিৰাঙত ইতিমধ্যে বন্যহস্তীৰ আক্ৰমণত মৃত্যু হৈছে কেইবাগৰাকীও ব্যক্তিৰ । এই ক্ষেত্ৰত বন বিভাগে যি দৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ধৰণে ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে এনেদৰে হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ।
লগতে পঢ়কঃ ৰাজ্যত পুনৰ সাংবাদিকৰ হত্যাকাণ্ড