অসম

assam

By

Published : Apr 19, 2019, 10:43 AM IST

ETV Bharat / state

বিপিএফৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰে ৰাইজেঃ প্ৰমোদ বড়ো

এই সভাতে প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই 5 লক্ষাধিক ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি দাবী কৰে । বি টি এডিত শান্তি প্ৰতিষ্ঠাৰ বাবে ইউ পি পি এলেহে যুদ্ধ কৰি আহিছে বুলি মত প্ৰকাশ কৰে প্ৰাৰ্থীগৰাকীয়ে ৷  ইউ পি পি এল জয়ী হ'লে শোষণ, দুৰ্নীতিৰ অৱসান ঘটিব বুলি মন্তব্য কৰি ৰাইজে বিপিএফৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰে বুলি কয় এবছুৰ সভাপতি প্ৰমোদ বড়োৱে ৷

বিপিএফৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰে ৰাইজে -প্ৰমোদ বড়ো

চিৰাং,19 এপ্ৰিল: চিৰাঙৰ বেংতল পথাৰত বৃহস্পতিবাৰে অনুষ্ঠিত হয় এ আই ইউ ডি এফ আৰু ইউ পি পি এলৰ নিৰ্বাচনী প্ৰচাৰ ৷ সভাখনত এবছুৰ সভাপতি প্ৰমোদ বড়োই নিজৰ ভাষণত বিপিএফ আৰু সাংসদ নৱ শৰণীয়াক কঠোৰ সমালোচনা কৰে ।

বিপিএফৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰে ৰাইজে -প্ৰমোদ বড়ো

এই সভাতে প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই 5 লক্ষাধিক ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি দাবী কৰে । বি টি এডিত শান্তি প্ৰতিষ্ঠাৰ বাবে ইউ পি পি এলেহে যুদ্ধ কৰি আহিছে বুলি মত প্ৰকাশ কৰে প্ৰাৰ্থীগৰাকীয়ে ৷
ইউ পি পি এল জয়ী হ'লে শোষণ, দুৰ্নীতিৰ অৱসান ঘটিব বুলি মন্তব্য কৰি ৰাইজে বিপিএফৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰে বুলি কয় এবছুৰ সভাপতি প্ৰমোদ বড়োৱে ৷ এই সভাত এ আই ইউ ডিএফৰ বিটিচি সমন্বয়ক আব্দুছ ছামাদ, চিৰাং জিলা জমিয়তৰ সভাপতি হামিদ সেখ,এন ডি এফ বি (প্ৰ)ৰ সম্পাদনক গোবিন্দ বসুমতাৰী, লগতে ইউ পি পি এলৰ এম চি এল এসকল আৰু দলটোৰ কেন্দ্ৰীয় নেতৃবৰ্গ উপস্থিত থাকে ।

ABOUT THE AUTHOR

...view details