বঙাইগাঁও, 15 জুলাই : বঙাইগাঁও জিলাৰ হুৰামাৰাত চাঞ্চল্যকৰ ঘটনা ৷ আই নদীৰ পাৰত উদ্ধাৰ এগৰাকী অচিনাক্ত মৃতদেহ ৷ আই নদীৰ বাঢ়নি পানীত মৃতদেহটো উটি অহাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷
বঙাইগাঁও জিলাৰ আই নদীৰ পাৰত মৃতদেহ উদ্ধাৰ
হুৰামাৰাৰ আই নদীৰ পাৰত মৃতদেহ উদ্ধাৰ ৷ আই নদীৰ বাঢ়নি পানীত মৃতদেহটো উটি অহাৰ সন্দেহ ৷
Unidentified deadbody recovered at Aie river at Bongaigaon
উৱলি যোৱা মৃতদেহটো মহিলা নে পুৰুষৰ বৰ্তমানো চিনাক্ত কৰা হোৱা নাই ৷ মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাত বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰক্ষীক অৱগত কৰে ৷ এই ঘটনাক লৈ ৰাইজৰ মাজত তীব্ৰ আতংকই বিৰাজ কৰিছে ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।