অসম

assam

ETV Bharat / state

চিৰাঙত ক’ভিড প্ৰতিষেধকৰ নাটনি

চিৰাঙত নাটনি হৈছে ক’ভিড প্ৰতিষেধকৰ । মাথো এদিনৰ বাবেহে জিলাখনত মজুত আছে ক’ভিড প্ৰতিষেধক ।

shortage-of-covid-vaccine-in-chirang
চিৰাঙত ক’ভিড প্ৰতিষেধকৰ নাটনি

By

Published : May 11, 2021, 8:47 PM IST

চিৰাং,11 মে':ক’ভিডৰ ভয়াৱহ সংক্ৰমণৰ সময়তে প্ৰতিষেধকৰ নাটনি হৈছে চিৰাঙত । জিলাখনৰ প্ৰতিষেধক বিষয়া অতুল দাসে জনোৱা অনুসৰি জিলাখনত মাত্ৰ দুহেজাৰ চাৰিশ গৰাকী ব্যক্তিকহে দিব পৰাকৈ প্ৰতিষেধক মজুত আছে । তদুপৰি ইয়াক ব্যৱহাৰ কৰিলে এদিনতে শেষ হ’ব এই প্ৰতিষেধক । ইপিনে জিলাখনৰ প্ৰতিখন চিকিৎসালয়তে ক’ভিড প্ৰতিষেধকৰ বাবে ভীৰ কৰিছে সাধাৰণ লোকে ।

চিৰাঙত ক’ভিড প্ৰতিষেধকৰ নাটনি

মঙলবাৰে চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত দেখিবলৈ পোৱা গ’ল সামৰিক তথা অৰ্ধ সামৰিক বাহিনীৰ লোকেও সাধাৰণ লোকৰ সৈতে শাৰীত থিয় দিছে ক’ভিড প্ৰতিষেধকৰ বাবে । কিন্তু মাত্ৰ এটা দিনৰ পিচতে কাইলৈৰ পৰা দিবলৈ জিলাখনত মজুত নাই পৰ্যাপ্ত প্ৰতিষেধক ৷

লগতে পঢ়ক :একমাত্ৰ উপাৰ্জনক্ষম সদস্যৰ শাৰিৰীক স্থিতিত বিধ্বস্ত এটা পৰিয়াল

ABOUT THE AUTHOR

...view details