অসম

assam

ETV Bharat / state

চিৰাঙত এম্বুলেঞ্চৰ সলনি ঠেলাতেই নিবলগীয়া হয় ৰোগীক - চিকিৎসালয়

চিৰাঙত সংঘটিত এক মৰ্মান্টিক ঘটনা ৷ বাৰম্বাৰ এম্বুলেঞ্চলৈ ফোন কৰিও কোনো সুফল নাপালে ৰোগী জনৰ পৰিয়ালে ৷ অৱশেষত ঠেলা টানি টানি চিকিৎসালয়লৈ নিবলৈ বাধ্য হয় দৰিদ্ৰ পৰিয়ালটো ৷

No Ambulance Facility For Poor People At Chirang District
No Ambulance Facility For Poor People At Chirang District

By

Published : Jun 9, 2020, 10:38 PM IST

চিৰাং, 9 জুনঃ চিৰাং জিলাৰ অন্তৰ্গত গৰুভাষা,টিবিতলা গাঁৱত এম্বুলেঞ্চৰ সলনি ঠেলাতেই নিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এজন ৰোগীক ৷ বাৰম্বাৰ এম্বুলেঞ্চলৈ ফোন কৰিও বিফল হয় ৰোগী জনৰ পৰিয়াল ৷

চিৰাঙত এম্বুলেঞ্চৰ সলনি ঠেলাতেই নিবলগীয়া হয় ৰোগীক

সমগ্ৰ ৰাজ্যতেই এতিয়া ভয়ংকৰ কৰণাতংক ৷ তাৰ মাজতেই চিৰাং জিলাৰ অন্তৰ্গত গৰুভাষা,টিবিতলা গাঁৱৰ এটি মৰ্মান্তিক দৃশ্য জোকাৰি গৈছে সমগ্ৰ চিৰাং জিলা ৷ উল্লেখ্য যে, চিৰাঙৰ টিবিতলা গাঁৱৰ ছুশিলা টুডু(২৮) নামৰ মহিলা গৰাকী কালি পিত্ত ৰস জনিত ৰোগত আক্ৰান্ত হয় ৷ পৰিয়ালে ৰোগী জনক চিকিৎসায়লৈ চিকিৎসাৰ বাবে নিবলৈ বাৰম্বাৰ এম্বুলেঞ্চ কৰ্তৃপক্ষক ফোন কৰিছিল ৷ কিন্তু বাৰম্বাৰ ফোন কৰাৰ পিছতো এম্বুলেঞ্চ কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ সহাৰি নোপোৱাত অৱশেষত ঠেলাৰেই ৰোগীজনীক চিকিৎসালয়লৈ নিবলৈ বাধ্য হয় দৰিদ্ৰ পৰিয়ালটো ৷ আনহাতে,ৰোগী গৰাকীক পৰিয়ালে গৰুভাষা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰিৱৰ্তে গৰুভাষাস্থিত এখন ফাৰ্মাচীলৈহে লৈ যায় চিকিৎসাৰ বাবে ।

উল্লেখ্য যে,চিৰাঙৰ গৰুভাষাৰ প্ৰাথমিক চিকিৎসালয়খনত ৰোগীৰ চিকিৎসাৰ বাবে নাই কোনো সা- সুবিধা ৷ উক্ত চিকিৎসালয়ৰ খনৰ এনে অৱস্থা হোৱাত ৰাইজে গৰুভাষাৰ প্ৰাথমিক চিকিৎসালয় কৰ্তৃপক্ষৰ প্ৰতি কোনো বিশ্বাস নোহোৱা হৈ পৰিছে। তাৰ পৰিৱৰ্তে ৰোগী জনীক ব্যাক্তিগত ফাৰ্মাচিতেই চিকিৎসা কৰাবলৈ লৈ যায় । উক্ত অঞ্চলটোত গৰুভাষাৰ প্ৰাথমিক চিকিৎসালয় খনৰ এনে অৱস্থা হোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷ অতি শীঘ্ৰে উক্ত চিকিৎসালয় খনত চিকিৎসাৰ বাবে সুব্যৱস্থা কৰি দিবলৈ চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷ এম্বুলেঞ্চৰ সলনি ঠেলাতেই ৰোগী লৈ যোৱা দৃশ্যই এতিয়া বৰ্তমান চৰকাৰখনে স্বাস্থ্য খণ্ডত উন্নয়ণৰ নামত হোৱা প্ৰকৃত ছবিখনে পোহৰলৈ আনিছে প্ৰকৃত স্বৰূপটো ৷

লগতে পঢ়ক- বাঘজান বিস্ফোৰণ নিয়ন্ত্ৰণলৈ আনিবলৈ বায়ুসেনাৰ সহায় বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details