চিৰাং, 7 অক্টোবৰ: চিৰাঙৰ পাণবাৰীত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ বুধবাৰে বিয়লি চিৰাং জিলাৰ পাণবাৰী থানা আৰক্ষীয়ে অভিযান চলাই বেদলাং খাইটীৰ পৰা তীৰ খেলৰ এজন এজেন্টক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ গ্ৰেপ্তাৰ হোৱা লোকজন বেদলাং খাইটী গাঁৱৰ আলমাহমুদ শ্বেখ (২৪) বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ ইতিমধ্যে পাণবাৰী থানাত ভাৰতীয় দণ্ডবিধিৰ জুৱাখেল প্ৰতিৰোধী আইনৰ ১৪ নং অনুচ্ছেদ অনুসৰি, ১৫৭/২০ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে ৷
চিৰাঙত আৰক্ষীৰ জালত তীৰ খেলৰ এজেন্ট - তীৰ খেল
পাণবাৰী আৰক্ষীয়ে অভিযান চলাই বেদলাং খাইটীৰ পৰা তীৰ খেলৰ এজন এজেন্টক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ লোকজন বেদলাং খাইটী গাঁৱৰ আলমাহমুদ শ্বেখ (২৪) বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷
দীৰ্ঘদিনৰ পৰাই জিলাখনৰ ভিতৰুৱা গ্ৰামাঞ্চলত তীৰ খেলৰ জৰিয়তে সাধাৰণ দৰিদ্ৰ কৃষকৰ সৈতে লুণ্ঠন চলি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ পাণবাৰী থানাৰ অন্তৰ্গত ভিন্ন স্থানত বৰ্তমানো বহু কেইজন তীৰ খেলৰ এজেন্ট আছে আৰু আৰক্ষীয়ে পৰৱৰ্তী সময়ত সেই সকলৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷ পাণবাৰী অঞ্চলৰ বিভিন্ন ছাত্ৰ সংগঠন আৰু সামাজিক সংস্থাই আৰক্ষীক অভিযোগ দাখিল কৰিছিল তীৰ খেলৰ বিৰুদ্ধে ৷ স্থানীয় শ্বহিদুৰ ৰহমান নামৰ লোক এজনৰ নেতৃত্বতে তীৰ খেলৰ বৃহৎ চক্ৰটো চলি থকাৰ অভিযোগ উত্থাপন হৈছে ৷
লগতে পঢ়ক:কংগ্ৰেছ-এ আই ইউ ডি এফৰ যুঁজে স্থবিৰ কৰিছে ভোগদহ পঞ্চায়তৰ উন্নয়ন