অসম

assam

By

Published : May 14, 2021, 4:39 PM IST

ETV Bharat / state

ক'ভিড ভয়াৱহতাৰ বাবে চিৰাঙত ঈদৰ সমুহীয়া নামাজ বাতিল

ৰাজ্যত অতি ভয়াৱহ ভাৱে বৃদ্ধি পোৱা কৰ’ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষৰ দৰে এইবছৰো পবিত্ৰ ঈদৰ সমুহীয়া নামাজ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চিৰাঙৰ প্ৰতিখন ঈদগাহ পৰিচালনা সমিতিয়ে ৷

community-namaz-cancelled-due-to-covid-19-at-chirang
ক'ভিড ভয়াৱহতাৰ বাবে চিৰাঙত বাতিল ঈদৰ সমুহীয়া নামাজ

চিৰাং, 14 মে': আজি পবিত্ৰ ঈদ-উল-ফিটৰ ৷ ৰমজান মাহৰ ৰোজাৰ অন্তত অহা ঈদ-উল-ফিটৰ হৈছে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পৱিত্ৰ তথা আনন্দৰ দিন । কিন্তু ক'ভিড অতিমাৰীৰ বাবে অসম চৰকাৰে জাৰি কৰা শেহতীয়া নিৰ্দেশনাৱলী অনুসৰি চিৰাং জিলাৰ সকলো ঈদগাহৰ সমুহীয়া নামাজ বাতিল কৰিছে ঈদগাহ পৰিচালনা সমিতি সমূহে ৷ সমান্তৰালকৈ জিলা সদৰ কাজলগাঁৱৰ নিকটৱৰ্তী বৰতালোৱা জামে মছজিদ আৰু ঈদগাহত এইবেলি সমুহীয়া ঈদৰ নামাজ বাতিল কৰি সকলো ক'ভিড বিধি মানি ঘৰতে নামাজ পঢ়িবলৈ আহ্বান জনাইছে সভাপতি কাজিমুদ্দিন আহমেদে ।

ক'ভিড ভয়াৱহতাৰ বাবে চিৰাঙত বাতিল ঈদৰ সমুহীয়া নামাজ

একেদৰে বৰতালোৱা-বৰপথাৰ আঞ্চলিক ঈদগাহতো সমুহীয়া নামাজ বাতিল কৰাৰ কথা জনাইছে সভাপতি মতলেব তালুকদাৰে । বিজনীতো ঈদৰ সমুহীয়া নামাজ বাতিল কৰাৰ কথা জনায় ঈদগাহ পৰিচালনা সমিতিয়ে । মুঠতে সমগ্ৰ জিলাতে ঈদৰ সমুহীয়া নামাজ বাতিল কৰি ঘৰতে নামাজ পঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চিৰাং জিলাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ।

লগতে পঢ়কঃআৰক্ষীৰ সন্মুখতেই দুই যুৱকক কোবাই আধামৰা

ABOUT THE AUTHOR

...view details