অসম

assam

ETV Bharat / state

চিৰাঙত কৃষকৰ মাজত ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ বিতৰণ

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আঁচনিৰ অধিনত তিনিখন ট্ৰেক্টৰৰ লগতে ১৪ খন পাৱাৰ টিলাৰ বিতৰণ কৰা হয় ৷ ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ লাভ কৰি উপাৰ্জন দুগুণ কৰাৰ আশাবাদী হিতাধিকাৰী কৃষক ৷

Chirang tractor power tiler distribute among farmers
চিৰাঙত কৃষকৰ মাজত ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ বিতৰণ

By

Published : Aug 1, 2020, 7:59 AM IST

Updated : Aug 1, 2020, 10:45 AM IST

চিৰাং, 1 আগষ্টঃ চিৰাং জিলা সদৰ কাজলগাঁৱত শুকুৰবাৰে আবেলি জিলা কৃষি বিভাগৰ উদ্যোগত জিলা খনৰ গাঁও ভিত্তিত গঠন কৰা আত্ম সহায়ক গোটৰ কৃষকৰ মাজত ট্ৰেক্টৰ আৰু খেতিয়কৰ মাজত পাৱাৰ টিলাৰ বিতৰণ কৰা হয় । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগন্তুক ২০২২ চনৰ ভিতৰত দেশৰ কৃষক সকলৰ উপাৰ্জন দুগুণ কৰাৰ যি লক্ষ্য গ্ৰহণ কৰিছে সেই লক্ষ্যৰ পদক্ষেপ হিচাপে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন অসম চৰকাৰে অসমৰ কৃষিজীৱী লোক সকলৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰিছে ।

চিৰাঙত কৃষকৰ মাজত ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ বিতৰণ

গ্ৰাম্য অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অংশ হিচাপে আজি তিনি খন ট্ৰেক্টৰ প্ৰদান কৰা হয় । জিলা খনৰ কামাদাংগা ফাৰ্মাৰছ গ্ৰুপ, ফুলগুৰি মাইনাও গ্ৰয়াৰ্ছ চছাইটী আৰু মাটিয়াপাৰা পূৱ মাটিয়াপাৰা মীন পালন কমিটীলৈ প্ৰদান কৰা হয় ট্ৰেক্টৰ কেইখন ।

একেদৰে হৰটিকালচাৰ মিছন ফ'ৰ্ নৰ্থ ইষ্ট হিমালয়ান ষ্টেটছ (HMNEH)ৰ উদ্যান শস্য বিভাগৰ দ্বাৰা খেতিয়কৰ মাজত প্ৰদান কৰা পাৱাৰ টিলাৰ । চিৰাং জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰীয়ে কৃষক সকলৰ মাজত বিতৰণ কৰে ট্ৰেক্টৰ আৰু পাৱাৰটিলাৰ সমূহ । শুকুৰবাৰে তিনি খন ট্ৰেক্টৰৰ লগতে ১৪ খন পাৱাৰ টিলাৰ খেতিয়কৰ মাজত বিতৰণ কৰা হয় । জিলাখনত এই বছৰ দ্বিতীয় পৰ্যায়ত মুঠ ৩০ খন পাৱাৰ টিলাৰৰ ২৪ খন পাৱাৰ টিলাৰ বিতৰণ কৰাৰ লগতে মুঠ ১২১ খন ট্ৰেক্টৰৰ ৫১ খন ট্ৰেক্টৰ বিতৰণ কৰা হৈছে ।

ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ বিতৰণ

উল্লিখিত ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ বিতৰণৰ অনুষ্টুপীয়া অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰীয়ে খেতিয়ক সকলক শুভেচ্ছা জ্ঞাপন কৰি সকলোকে নিজৰ উপাৰ্জনৰ উদ্দেশ্যে কাম কৰি যাবলৈ আহ্বান জনোৱাৰ লগতে জিলা কৃষি বিভাগৰ পৰা গ্ৰহণ কৰা উদ্যোগৰ শলাগ লয় । চিৰাং জিলা কৃষি বিষয়া অমৃত লাল নাৰ্জাৰীয়ে জানিবলৈ দিয়া মতে, মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা ২০১৯-২০ ত চিৰাং জিলাত মুঠ ২৯৩ টা গ্ৰাম্য গোট লৈ প্ৰদান কৰা হৈছে ট্ৰেক্টৰ । এই বছৰ মুঠ ১২১ খনৰ ৫১ খন ট্ৰেক্টৰ বিতৰণ কৰা হৈছে ।

Last Updated : Aug 1, 2020, 10:45 AM IST

ABOUT THE AUTHOR

...view details