চিৰাং,22ডিচেম্বৰ: ৰাজ্যত ক্ৰমান্নয়ে বৃদ্ধি পোৱা নিৱনুৱা সকলৰ কৰ্মসংস্থাপনৰ দাবীত মংগলবাৰে চিৰাঙৰ বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সমীপত ৰূপায়ণ কৰা হয় অৱস্থান ধৰ্মঘটৰ এক কাৰ্যসূচী ৷ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত দিনৰ ১১ বজাৰ পৰা আয়োজন কৰা এই তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে জিলাখনৰ শতাধিক লোকৰ লগতে সংগঠনটোৰ সদস্য সকলে ৷
কৰ্মসংস্থাপনৰ দাবীত উত্তাল চিৰাং - ছাত্ৰ ফেডাৰেচনৰ উদ্যোগ
মংগলবাৰে চিৰাঙৰ বিজনীত কৰ্ম সংস্থাপনৰ দাবীত এচএফআই এ ৰূপায়ণ কৰে তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ চিৰাঙৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী ।
কৰ্মসংস্থাপনৰ দাবীত উত্তাল চিৰাং
উল্লেখ্য যে, দেশত নিৱনুৱা সকলৰ সংখ্যা তিনি লাখৰ পৰা বাঢ়ি যোৱা তিনি বছৰত ২২ লাখ হৈছেগৈ । চৰকাৰে কৰ্মসংস্থাপনৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই দেশত নিৱনুৱা সমস্যা বৃদ্ধি হোৱাৰ অভিযোগ উত্থাপন কৰে চিৰাং জিলা কমিটিৰ সভাপতি শুভাংকৰ ঘোষে ৷ সভাপতি গৰাকীয়ে দেশত উদ্যোগ প্ৰতিষ্ঠা কৰাৰ লগতে বন্ধ হোৱা উদ্যোগ সমুহ খুলি নিৱনুৱা সকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ৷
অন্য এক খবৰৰ বাবে: শীঘ্ৰে মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ