অসম

assam

ETV Bharat / state

আই নদীৰ সংহাৰী ৰূপ ধাৰণ

চিৰাঙত আই নদীৰ বান আৰু গৰাখহনীয়াত সৰ্বস্বান্ত বৃহত্তৰ অঞ্চল । খহনীয়াত নিশ্চিহ্ন হোৱাৰ দিশে নেপালপাৰা গাঁও । খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে কোনো ব‍্যৱস্থা নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

chirang-flood-and-erosion-critical-situation
আই নদীৰ সংহাৰী ৰূপ ধাৰণ

By

Published : Jul 24, 2020, 9:19 AM IST

চিৰাং,24জুলাই : ৰাজ্যত অব্যাহত আছে ভৰ বাৰিষাৰ বানৰ বিভীষিকা ৷ তাৰ মাজতে আই নদীয়ে সৰ্বস্বান্ত কৰিছে চিৰাং জিলাৰ নেপালপাৰা গাঁও । আই নদীয়ে গতি সলাই গাঁওখনৰ মাজেৰে সোমাই যোৱাত ইতিমধ‍্য ৬২ টা পৰিয়ালৰ ঘৰ আই নদীৰ খহনীয়াত জাহ গৈছে । অঞ্চলটোত এতিয়াও খহনীয়া অব‍্যাহত আছে । এফালে আই নদী আনফালে নাঙলভাঙা নদীয়ে ক্ৰামান্বয়ে খহাইছে নেপালপাৰা গাঁওখন ৷

আই নদীৰ সংহাৰী ৰূপ ধাৰণ

একপ্ৰকাৰ নদীদ্বীপত পৰিণত হৈ পৰা গাঁওখনত চাৰিওপিনৰ পৰা হোৱা বাঢ়নী পানী আৰু গৰাখহনীৰ ফলত নৈৰ বুকুত নিশ্চিহ্ন হোৱাৰ পথত এতিয়া গাঁওখন । ইয়াৰ লগে লগেই ডেবৰবিল, মাদাৰপুৰ, বুৰিঝাৰ, পলাংশুগুৰি , ছোটো আমগুৰি, ওদালগুৰি, ছৌৰাবাৰী, সন‍্যাসীবাৰী আদি গাঁওতো আগ নদীৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপলোৱাত সৃষ্টী কৰা খহনীয়াত বহু লোক গৃহহীন হৈ আশ্ৰয় শিবিৰত আশ্ৰয় ল’ব লগীয়া হৈছে । একেদৰেই লাংকাৰ, মাক্ৰা, নাঙলভাঙা আদি নৈৰ খহনীয়াও ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ।

আই নদীৰ সংহাৰী ৰূপ ধাৰণ
উল্লেখযোগ্য যে, চিৰাং জিলাৰ বিভিন্ন ঠাইত বান আৰু গৰাখহনীয়াই সৃষ্টি কৰা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চিৰাং জিলা প্ৰশাসন বা জলসম্পদ বিভাগে যি দৰে ব‍্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেয়া কৰা পৰিলক্ষিত হোৱা নাই ।
আই নদীৰ সংহাৰী ৰূপ ধাৰণ

প্ৰায় এমাহজুৰি হোৱা বান আৰু গৰাখহনীয়াত চিৰাং জিলাৰ বৃহৎ অংশ ক্ষতিগ্ৰস্ত হৈছে । তাৰ বিপৰীতে এতিয়াও পৰ্য‍াপ্ত পৰিমাণে সাহায্য লাভ নকৰাৰ অভিযোগ কৰিছে বন‍্যাৰ্তই ।

আই নদীৰ সংহাৰী ৰূপ ধাৰণ

ইপিনে পশুখাদ‍্য আৰু বন‍্যাৰ্তৰ খাদ‍্য যোগানতো ব‍্যৰ্থ হৈছে বুলি অভিযোগ কৰিছে বানাক্ৰান্তই জিলা প্ৰশাসনৰ বিৰুদ্ধে । তাৰোওপৰি বিটিচিত নিৰ্বাচনী আচৰণবিধি বলবৎ থকা আৰু ৰাজ‍্যপালৰ শাসন প্ৰৰৰ্বতণ হৈ থকাৰ ফলত বন‍্যাৰ্তই উপযুক্ত সাহাৰ্যলাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়কঃ গুৱাহাটীৰ বিভিন্ন স্থানত আৱকাৰীৰ চুলাই বিৰোধী অভিযান

ABOUT THE AUTHOR

...view details