অসম

assam

ETV Bharat / state

ক'ভিড ৰোগীয়ে উদযাপন কৰিলে স্বাধীনতা দিৱস

চিৰাঙত চিকিৎসালয়তে ক'ভিড ৰোগী সকলে উদযাপন কৰিলে দেশৰ ৭৪ সংখ‍্যক স্বাধীনতা দিৱস । চিকিৎসক, আৰক্ষী প্ৰশাসনৰ লগতে স্বাস্থ্য কৰ্মীৰ সকলেও পূৰ্ণ সহযোগিতা আগবঢ়াই এই অনুষ্ঠানত ৷

By

Published : Aug 15, 2020, 4:38 PM IST

chirang-covid-patient-celebrate-74th-independence-day
চিৰাঙত ক'ভিড ৰোগী সকলে উদযাপন কৰিলে ৭৪ সংখ্যক স্বাধীনতা দিৱস

চিৰাং, 15 আগষ্টঃআজি 74 সংখ্যক স্বাধীনতা দিৱস। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে চিৰাং জিলাতো উদযাপন কৰা হয় স্বাধীনতা দিৱস ৷ ইফালে জিলা খনৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ক'ভিড ৰোগী সকলেও উদযাপন কৰিলে দেশৰ ৭৪ সংখ‍্যক স্বাধীনতা দিৱস।

চিৰাঙত ক'ভিড ৰোগী সকলে উদযাপন কৰিলে ৭৪ সংখ্যক স্বাধীনতা দিৱস

উল্লেখ্য যে, জিলাখনৰ কাশিকত্ৰা মডেল হাস্পতাল, জেএচবি হাস্পতাল, সুবাঝাৰ এম জি এম চিকিৎসালয়ৰ ক'ভিড ৰোগী সকলে স্বাধীনতা দিৱস উদযাপন কৰে ৷ ৰাতিপুৱা চিকিৎসালয়ৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে আৰক্ষী প্ৰশাসনৰ লোক সকলে পেৰেড অভিবাদনে ৰাষ্ট্ৰীয় পতাকাক সন্মান জনায় ৷ ৰোগী সকলেও হাতে-হাতে জাতীয় পতাকা লৈ সামাজিক দূৰত্ব বজাই ৰাখি উদযাপন কৰিলে দেশৰ স্বাধীনতা দিৱস। ক'ভিড-19ৰ বাবে সমগ্ৰ দেশতে এই বেলি অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে দেশৰ স্বাধীনতা দিৱস ।

চিৰাঙত ক'ভিড ৰোগী সকলে উদযাপন কৰিলে ৭৪ সংখ্যক স্বাধীনতা দিৱস

ইফালে, গুৱাহাটীৰ জজ খেলপথাৰত অসম চৰকাৰ আৰু কামৰূপ মহানগৰ প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হয় । পুৱা 9 বজাৰ লগে-লগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবে এইবাৰ অতি কঠোৰ নীতি-নিয়মৰ মাজেৰে অনুষ্ঠিত হৈছে 74 সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী ।

লগতে পঢ়ক- শিৱসাগৰ জিলাত উদযাপন 74 তম স্বাধীনতা দিৱস

ABOUT THE AUTHOR

...view details