অসম

assam

By

Published : Mar 18, 2021, 8:26 AM IST

ETV Bharat / state

বিপিএফ দলৰ মহিলা কোষৰ সম্পাদিকাৰ অজাপত যোগদান

৩৩নং বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত পাণবাৰীত বুধবাৰে অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ যোগদান সভা। বিজনী জিলা সমিতিৰ সভাপতি খলিলুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিপিএফ দলৰ মহিলা কোষৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদিকা দিফিৰী বালা ৰায়ে আনুষ্ঠানিক ভাৱে যোগদান কৰে অসম জাতীয় পৰিষদত।

বিপিএফ দলৰ মহিলা কোষৰ সম্পাদিকাৰ অজাপত যোগদান
বিপিএফ দলৰ মহিলা কোষৰ সম্পাদিকাৰ অজাপত যোগদান

চিৰাং,18 মাৰ্চ:চিৰাং জিলাৰ ৩৩নং বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত পাণবাৰীত বুধবাৰে অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ যোগদান সভা । বিজনী জিলা সমিতিৰ সভাপতি খলিলুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিপিএফ দলৰ মহিলা কোষৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদিকা দিফিৰী বালা ৰায়ে আনুষ্ঠানিক ভাৱে যোগদান কৰে অসম জাতীয় পৰিষদত। নেত্ৰীগৰাকীৰ সৈতে বিপিএফ দলৰ প্ৰায় শতাধিক সদস‍্য সদস‍্যাই একেলগে যোগদান কৰে দলটোত।

বিপিএফ দলৰ মহিলা কোষৰ সম্পাদিকাৰ অজাপত যোগদান

বিপিএফ দলৰ প্ৰাক্তন পাৰিষদ গৰাকীয়ে বিগত ১৫ বছৰৰ পৰাই দলটোৰ বাবে কাম কৰি আহিছে যদিও বিপিএফ দলত গুৰুত্ব লাভ নকৰাৰ অভিযোগ উত্থাপন কৰি কয় যে, বিপিএফ দলে অইন কোনো জনগোষ্ঠীৰ উন্নয়ণ নিবিচাৰে। দলীয় সাধাৰণ সম্পাদিকা হৈয়ো হাগ্ৰামা মহিলাৰীক সাক্ষাৎ কৰিবলৈ গৈ ঘৰৰ দুৱাৰ মুখৰ পৰা গুচি আহিবলগীয়া হয় ৷ দলীয় ভাৱে বিগত কেইবা বছৰৰ পৰা দলীয় প্ৰাৰ্থিত্ব দিয়াৰ প্ৰলোভন দি আহিছে যদিও নিৰ্বাচনৰ সময়ত লুটি বাগৰ মাৰে।

বড়ো জনগোষ্ঠীৰ বাদে বিপিএফ দলে অইন কোনো জনগোষ্ঠীক গুৰুত্ব নিদিয়াৰ অভিযোগ নেত্ৰী গৰাকীৰ । সেয়ে বুধবাৰে বিজনীত নিজৰ জনগোষ্ঠীৰ প্ৰাৰ্থীয়ে টিকট পোৱাত বিপিএফ দল এৰি অসম জাতীয় পৰিষদত যোগদান কৰে। বিজনী সমষ্টিত এইবাৰ অসম জাতীয় পৰিষদৰ বিজয় নিশ্চিত বুলিও প্ৰকাশ কৰে দিফিৰী বালা ৰায়ে।

লগতে পঢ়ক:ভূপেন বৰা শিক্ষামন্ত্ৰী হোৱাটো বিচাৰিম: অজিত কুমাৰ ভূঞা

ABOUT THE AUTHOR

...view details