অসম

assam

By

Published : Oct 31, 2019, 7:57 PM IST

ETV Bharat / state

চিৰাঙত বোৱাৰীৰ শ্লীলতাহানিৰ চেষ্টা,যুৱকক আটক

চিৰাঙত চাঞ্চল্য ৷ চিদলী আৰক্ষীয়ে আটক কৰিলে যুৱকক ৷

chirang Attempt to molestaion one arrested

চিৰাং,31 অক্টোবৰ: চিৰাং জিলাত এগৰাকী বোৱাৰীৰ শ্লীলতাহানিৰ চেষ্টা কৰি আৰক্ষীৰ জালত পৰিল এজন যুৱক ৷ ভুক্তভোগী বোৱাৰীগৰাকীয়ে নিজৰ কন্যাক বিদ্যালয়ৰ পৰা আনিবলৈ যাওঁতেই বাটত এই ঘটনা সংঘটিত হয় ৷

অভিযোগ অনুসৰি, বোৱাৰীগৰাকীয়ে স্কুল অভিমুখে গৈ থকা অৱস্থাত বিপৰীত ফালৰ পৰা আহি থকা বিবেক কৰ্মকাৰ (২৬) নামৰ যুৱকজনে নিৰ্জনতাৰ সুযোগ লৈ বোৱাৰীগৰাকীৰ হাতত ধৰি জংঘললৈ লৈ যোৱাৰ চেষ্টা কৰে ৷ বোৱাৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত যুৱকজনে পলায়ন কৰে ৷ ইয়াৰ পাচতে বোৱাৰীগৰাকীয়ে নিজৰ মোবাইলেৰে আত্মীয়ক ফোন কৰে ৷ যুৱকজনক স্কুটী চলাই পলায়ন কৰি থকা অৱস্থাত ৰাইজে কৰায়ত্ত কৰে ,শেষত চিদলী আৰক্ষী আহি যুৱকগৰাকীক আটক কৰি লৈ যায় ৷ স্থানীয় গাওঁৰক্ষী বাহিনী, ভুক্তভোগী আৰু ৰাইজে যুৱকগৰাকীৰ উচিত শাস্তিৰ দাবী জনাইছে ৷ ঘটনাটোৱে অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

চিৰাঙত বোৱাৰীৰ শ্লীলতাহানিৰ চেষ্টা কৰি আৰক্ষীৰ হাতত আটক হ'ল যুৱক

লগতে পঢ়কঃশিলচৰত পথ দুৰ্ঘটনাক লৈ উত্তেজনা

ABOUT THE AUTHOR

...view details