অসম

assam

ETV Bharat / state

বঙাইগাঁৱত কেন্দ্ৰীয় বীৰ চিলাৰায় দিৱস : ভোগেশ্বৰ বৰুৱাক প্ৰদান 2019 বৰ্ষৰ "বীৰ চিলাৰায় বঁটা"

বঙাইগাঁৱত কেন্দ্ৰীয়ভাৱে চিলাৰায় দিৱস উদযাপন । বঙাইগাঁও আইটিআই পথাৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা বঙাইগাঁও জিলা প্ৰশাসন আৰু কোঁচ ৰাজবংশী বিভিন্ন জাতীয় দল সংগঠনৰ সহযোগত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় বীৰ চিলাৰায় দিৱস ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে প্ৰবীন ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাক প্ৰদান কৰে ২০১৯ চনৰ "বীৰ চিলাৰায় বঁটা" ।

By

Published : Feb 9, 2020, 8:24 PM IST

বঙাইগাঁও
বঙাইগাঁৱত কেন্দ্ৰীভাৱে উদযাপন চিলাৰায় দিৱস, ভোগেশ্বৰ বৰুৱাক প্ৰদান "বীৰ চিলাৰায় বঁটা"

বঙাইগাঁও, 9 ফেব্ৰুৱাৰীঃ বঙাইগাঁৱত কেন্দ্ৰীয়ভাৱে চিলাৰায় দিৱস উদযাপন । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজিত বীৰ চিলাৰায় দিৱস ৷ বঙাইগাঁও আইটিআই পথাৰত বঙাইগাঁও জিলা প্ৰশাসন আৰু কোঁচ ৰাজবংশী বিভিন্ন জাতীয় দল সংগঠনৰ সহযোগত আয়োজন কৰা হয় এই অনুষ্ঠান ।

বঙাইগাঁৱত কেন্দ্ৰীভাৱে উদযাপন চিলাৰায় দিৱস, ভোগেশ্বৰ বৰুৱাক প্ৰদান "বীৰ চিলাৰায় বঁটা"
বঙাইগাঁৱত কেন্দ্ৰীভাৱে উদযাপন চিলাৰায় দিৱস, ভোগেশ্বৰ বৰুৱাক প্ৰদান "বীৰ চিলাৰায় বঁটা"

বীৰ চিলাৰায়ৰ ৫১০ সংখ্যক জন্মজয়ন্তীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰিও উপস্থিত থাকে ক্ৰমে ফণীভূষন চৌধুৰী, চন্দন ব্ৰহ্ম আৰু নৱ কুমাৰ দলে, অনন্ত কুমাৰ মালো, অশোক সিংঘী আৰু অস্বিনী ৰায় লগতে অসম চৰকাৰৰ বিভিন্ন বিষয়া কৰ্মচাৰী আৰু প্ৰায় পাঁচ সহশ্ৰাধিক লোকে ৷ আনহাতে, অনুষ্ঠানত সোণোৱালে প্ৰবীন ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাক ২০১৯ চনৰ "বীৰ চিলাৰায় বঁটা প্ৰদান কৰে । তাৰ পাচতে উন্মোচন কৰে চিলাৰায় দিৱসৰ স্মৰনিকা ।

বঙাইগাঁৱত কেন্দ্ৰীভাৱে উদযাপন চিলাৰায় দিৱস, ভোগেশ্বৰ বৰুৱাক প্ৰদান "বীৰ চিলাৰায় বঁটা"

উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে চিলাৰায়ৰ আদৰ্শৰে অনুপ্ৰানিত হৈ কোঁচ ৰাজবংশীসকলক ঐক্যবদ্ধ সংগ্ৰাম কৰাৰ পোষকতা কৰে । তেওঁ নৱ প্ৰজন্মক উচ্চ শিক্ষাৰে সমাজখনক গঢ় দিবলৈ অধিক গুৰুত্ব প্ৰদান কৰে । এমাহৰ ভিতৰতে বঙাইগাঁও অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি কোৱাৰ লগতে বঙাইগাঁও কলেজত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেম্পাচ স্থাপনৰ ইংগিত দিয়ে সোণোৱালে ।

আৰু পঢ়কঃ হোমেন বৰগোহাঞি আৰু সূৰ্য্য দাসলৈ শ্বহীদ কৰম সিংহ বঁটা

ABOUT THE AUTHOR

...view details