অসম

assam

চিৰাঙত আটক দুই গহণা চোৰ

By

Published : May 11, 2021, 9:27 PM IST

চিৰাঙৰ বাসুগাঁৱৰ এখন গহণাৰ বিপণীত সংঘটিত চুৰিকাণ্ড ৷ অলংকাৰসহ কৰায়ত্ত দুজন চোৰ, এজন পলাতক ।

চিৰাং জিলাত আটক দুই জুয়েলাৰী চোৰ
চিৰাঙত আটক দুই গহণা চোৰ

চিৰাং,11 মে': চিৰাং জিলাৰ বাসুগাঁৱত গহণাৰ বিপণীত চুৰিকাণ্ডৰ সৈতে জড়িত দুই চোৰক কৰায়ত্ত কৰাৰ লগতে বৃহৎ পৰিমাণৰ আ-অলংকাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে । বাসুগাঁও চহৰৰ প্ৰতিমা জুৱেলাৰ্চত যোৱা ২২ এপ্ৰিলৰ নিশা উক্ত চুৰিকাণ্ড সংঘটিত হৈছিল । বিপণীখনৰ তলা ভাঙি নগদ ধনৰ লগতে সকলো আ-অলংকাৰ আৰু লকাৰ লৈ গৈছিল চোৰে । পিচদিনা দুৰামাৰীৰ নৈত উদ্ধাৰ হৈছিল খালী লকাৰটো ।

বিপণীখনৰ স্বত্বাধিকাৰী মৃণাল দেৱনাথৰ এজাহাৰৰ ভিত্তিত বাসুগাঁও থানাত ভাৰতীয় দণ্ডবিধিৰ ৪৫৭/৩৮০ ধাৰা অনুসৰি ২৩/২১ নম্বৰত গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে গোপনে অভিযান চলাইছিল । জিলা সদৰৰ উপ আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীয়ে বঙাইগাঁৱৰ ঘিলাগুৰীৰ জামাত আলী(৫০)ক কৰায়ত্ত কৰে ৷ আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত বাসুগাঁও নতুনপাৰাৰ অৰুণ বসুমতাৰী নামৰ লোকজন এই চুৰিকাণ্ডত জড়িত থকাৰ তথ্য লাভ কৰে আৰক্ষীয়ে ৷ সম্প্ৰতি বসুমতাৰী পলাতক অৱস্থাত আছে ৷

জুৱেলাৰীৰ বিপণীখনৰ পৰা চুৰি হোৱা অলংকাৰখিনি বাসুগাঁৱৰ পাক্ৰিগুৰীৰ জহিৰ আলী নামৰ লোকজনে ক্ৰয় কৰিছিল । আৰক্ষীয়ে উক্ত ব্যক্তিজনকো কৰায়ত্ত কৰাৰ পিছত সোণ-ৰূপৰ আ-অলংকাৰৰ লগতে অন্যান্য কিছু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে জামাত আৰু আৰু জহিৰ আলী নামৰ দুয়োজন লোকক কৰায়ত্ত কৰি আইনী ব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা কৰে ৷

লগতে পঢ়ক :ক'ভিড ৰোগীৰ বাবে সাজু নগাঁও কাগজ কলৰ ক’ভিড চিকিৎসালয়

ABOUT THE AUTHOR

...view details