অসম

assam

By

Published : Jul 7, 2020, 3:54 PM IST

ETV Bharat / state

দুটা জাতিৰ সমন্বয় গঢ়া এখন সেঁতু বিপদাপন্ন

বৃটিছৰ যুগতে নিৰ্মিত এখন সেঁতু, এই সেঁতুৰ সমন্বয়ত দুটা জাতিয়ে যুগ যুগ ধৰি কঢ়িয়াই আনিছে ভাতৃত্ববোধৰ এনাজৰী। দুটা জাতিৰ যাওতিযুগীয়া সম্পৰ্কৰ এক সেঁতু বিচ্ছিন্ন হোৱা দিশে ৷ চৰকাৰ আহে আৰু যায় কিন্তু কাৰোৰে যেন কাণসাৰ নাই এই দলং মেৰামতি কৰিবলৈ ৷

two community  relation break reson one bridge at nagaland and assam charaideo
দুটা জাতিৰ সমন্বয় গঢ়া এখন সেঁতু বিপদাপন্ন

শিৱসাগৰ,7জুলাইঃ চৰাইদেউ জিলাৰ অসম-নাগালেণ্ডৰ সীমান্তবৰ্তী নামতোলাত অৱস্থিত এখন বৃটিছৰ যুগতে নিৰ্মিত লোহাৰ দলং। দলংখনৰ ওপৰেৰে নিতৌ আহ-জাহ কৰে দুয়োখন ৰাজ্যৰ অগণন লোক। নগা পাহাৰৰ পৰা খাং ভৰাই নগা ভাই-ভনীসকলে ভৈয়ামত বেহা কৰিবলৈ আহে একমাত্ৰ এইখন দলঙেৰে । একেদৰে ভৈয়ামৰপৰাও বহু অসমীয়া ডেকাই পাহাৰৰপৰা কেচামাল আনি ব্যৱসায়-বাণিজ্য কৰে । কিন্তু শতায়ু গৰকা দলংখন আজি ভাঙো-ভাঙো অৱস্থা, নিৰ্বিকাৰ দুয়োখন ৰাজ্যৰ বিভাগীয় কৰ্তৃপক্ষ ৷ চৰকাৰ আহে আৰু যায় কিন্তু দলংখনেহে গুৰুত্ব নাপোৱাৰ অভিযোগ দুয়োখন ৰাজ্যৰ লোকসকলৰ।

দুটা জাতিৰ সমন্বয় গঢ়া এখন সেঁতু বিপদাপন্ন

ইপিনে বহুবাৰ এই দলঙ জৰাজীৰ্ণ অৱস্থাৰ বাবে বহু অঘটন ঘটিছে ৷ শিলভৰ্তি ডাম্পাৰ দলং ভাঙি পানীত পৰিছে । প্ৰজাৰ দুৰ্গতি কুলাইপাচিয়ে নধৰে, ৰজাঘৰীয়াই কথাবোৰ জানিও নাজানে। বছৰি বিপদ আহে আৰু যায়, স্থানীয় প্ৰজাই সমাধানৰ সূত্ৰ উলিযায়। আকৌ ক্ৰমাৎ গতানুগতিক হৈ পৰে দুখন ৰাজ্যৰ জনজীৱন।

উল্লেখ্য যে, দেশত সংহাৰী ৰূপ ধাৰণ কৰা ক‘ৰণা মহামাৰিৰ ফলত নগালেণ্ডৰ বহু লোক আক্ৰান্ত হোৱাৰ খৱৰ পোৱা গৈছে। কিন্তু উন্নত চিকিৎসাৰ বাবে অসমলৈ অহাৰ একমাত্ৰ পথটোৰ দলংখন যদি পুনৰ ভাঙি যোগাযোগ বিচ্ছিন্ন হ'বলৈ হয় তেন্তে নগালেণ্ডৰ মন জিলাৰ জনসাধাৰণ বিপদত পৰাটো প্ৰায় নিশ্চিত। এক বিধ্বংসী ৰূপ ধাৰণ কৰা এটা যাওতিযুগীয়া সম্পৰ্কৰ ধ্বজ্জাবাহক শতায়ু গৰকা দলংখন নিৰ্মাণ কৰি দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ যাতায়ত ব্যৱস্থা সুচল কৰি দিবলৈ দুয়োখন ৰাজ্যৰ চৰকাৰলৈ দাবী জনাইছে স্থানীয় ৰাইজে। গতিকে আগন্তুক দিনত ম্যাদ ওকলা এইখন বিধ্বস্ত দলঙে নতুন ৰূপ পাবলৈ সক্ষম হব নে! সেইয়া হব লক্ষণীয়।

লগতে পঢ়কঃ অখিল গগৈৰ মুক্তিৰ দাবীত গোলাঘাটত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details