চৰাইদেউ,২ নৱেম্বৰ :প্ৰতিদিনে জীৱশ্ৰেষ্ঠৰ স্বাৰ্থসিদ্ধিৰ বাবে পৃথিৱীয়ে হেৰুৱাইছে প্ৰাকৃতিক ভাৰসাম্য । কেতিয়াবা যদি পথ নিৰ্মাণৰ নামত জধেমধে গছ কাটিছে আন কেতিয়াবা আকৌ গৃহ নিৰ্মাণৰ নামত । ঠিক তেনে সময়তে প্ৰকৃতি সুৰক্ষাৰ লক্ষ্যৰে চৰাইদেউ জিলাত কেইগৰাকীমান প্ৰকৃতিপ্ৰেমীয়ে গ্ৰহণ কৰিছিল আদৰণীয় পদক্ষেপ । প্ৰকৃতি সুৰক্ষাৰ লক্ষ্যৰে চৰাইদেউ জিলাত বৰ্তমানলৈকে ৭৫ হাজাৰ বৃক্ষৰোপণ কৰিছে প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ নেতৃত্বত সোণাৰু-কাঞ্চন-কৃষ্ণচূড়া অভিযানে ।
কিন্তু এইবাৰ MVCC Cable সংযোগৰ নামত সোণাৰু-কাঞ্চন-কৃষ্ণচূড়া অভিযানত কুঠাৰাঘাত ব্যক্তিগত প্ৰতিষ্ঠানৰ । গছ ৰক্ষা কৰিবলৈ প্ৰতিবাদত বহিল চৰাইদেউ জিলাৰ লাইচাঙৰ ৰাইজ । কিয়নো অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে চৰকাৰে প্ৰকৃতি ৰক্ষাৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়ত প্ৰকৃতি ধ্বংস কাৰ্য চলিছে চৰাইদেউ জিলাৰ লাইচাং গাঁৱত । MVCC cable সংযোগৰ নামত পথৰ দাঁতিত সোণাৰু-কাঞ্চন-কৃষ্ণচূড়া অভিযানত ৰোপণ কৰা গছৰ ডাল কাটি লঙঠা কৰাৰ অভিযোগ ব্যক্তিগত প্ৰতিষ্ঠানৰ বিৰুদ্ধে ।