অসম

assam

By

Published : Mar 27, 2021, 4:13 PM IST

Updated : Mar 27, 2021, 5:12 PM IST

ETV Bharat / state

সোণাৰিত কৰ্তব্যৰত অৱস্থাতে প’লিং বিষয়াৰ মৃত্যু

সোণাৰি সমষ্টিৰ শালকাঠনী চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ ১৪৭ নং ভোটকেন্দ্ৰত কৰ্তব্যৰত অৱস্থাতে অসুস্থ হৈ মৃত্যুবৰণ দ্বিতীয় প’লিং অফিচাৰৰ ৷

polling officer death at Sonari
সোণাৰিত কৰ্তব্যৰত অৱস্থাতে পুলিং বিষয়াৰ মৃত্যু

সোণাৰি,27 মাৰ্চ: সোণাৰি সমষ্টিৰ শালকাঠনী চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ ১৪৭ নং ভোটকেন্দ্ৰত অঘটন ৷ কৰ্তব্যৰত অৱস্থাতে কেন্দ্ৰটোৰ দ্বিতীয় প’লিং বিষয়াৰ মৃত্যু । বিষয়া গৰাকী মৰাণ সেউজপুৰৰ তুলসী খনিকৰ (৫৯) বুলি জানিব পৰা গৈছে ৷

সোণাৰিত কৰ্তব্যৰত অৱস্থাতে প’লিং বিষয়াৰ মৃত্যু

কৰ্তব্যৰত অৱস্থাত হঠাতে ঢলি পৰাত বিষয়া গৰাকীক তাৎক্ষণিকভাৱে সাপেখাতী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ৷ ডিব্ৰুগড়লৈ নি থকা অৱস্থাতে আদবাটতে মৃত্যু ঘটে বিষয়াগৰাকীৰ ।

লগতে পঢ়ক-যুৱ ভোটাৰক আকৰ্ষণৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ ন ন কৌশল

Last Updated : Mar 27, 2021, 5:12 PM IST

ABOUT THE AUTHOR

...view details