যোৰহাট/মৰাণ, 19 জানুৱাৰী :বুধবাৰে ৰাজ্যৰ ভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ শিৱসাগৰ, যোৰহাট, মৰাণকে ধৰি বহু স্থানৰ ৰাজপথলৈ ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHIDCL) ৰ দ্বাৰা নিৰ্মাণ কৰি থকা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্যত বিসংগতি সংঘটিত (Alligation of scam against NHIDCL) হোৱাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷
উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ উপস্থিতিত পশ্চিম যোৰহাটৰ ক্ৰীড়া খেলপথাৰত অনুষ্ঠিত এক কাৰ্যসূচীৰ জৰিয়তে ২০১৬ চনত আৰম্ভ কৰা হৈছিল চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য ৷ কিন্তু নিৰ্ধাৰিত সময়সীমা অতিক্ৰম কৰাৰ পিছতো সম্পূৰ্ণ নহ’ল ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য ৷ যোৰহাটৰ পৰা ডিব্ৰুগড় পৰ্যন্ত পথটো উন্নয়নৰ নামত পৰিলক্ষিত হ’ল একপ্ৰকাৰৰ ভেঁকোভাওনা ৷
বৰ্তমান সময়ত একপ্ৰকাৰ জৰাজীৰ্ণ হৈ পৰা পথটোৰে যাত্ৰা কৰাতো হৈ পৰিছে যথেষ্ট দুৰূহ ৷ সেয়ে বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি যোৰহাট জিলা সমিতিয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ সৈতে জড়িত থকা পথ নিৰ্মাণকাৰী সংস্থা NHIDCL ৰ বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী তুলি সাব্যস্ত কৰে প্ৰতিবাদ ৷ সংগঠনটোৰ জিলা সমিতিৰ কৰ্মকৰ্তা-সদস্যসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷