অসম

assam

ETV Bharat / state

স্বামীৰ পলায়নঃ পাণ্ডুত সন্তান প্ৰসৱৰ পাছতেই প্ৰসূতিৰ মৃত্যু

চিকিৎসা চলি থকা অৱস্থাতে পূজা মুৰ্মু নামৰ প্ৰসূতিগৰাকীক চিকিৎসালয়তে এৰি পলায়ন কৰে স্বামী ইতিপাং চোৰেনে ৷ দেওবাৰে পুৱা ৫ বজাত সন্তান প্ৰসৱৰ পাচতেই মৃত্যু হয় মাতৃগৰাকীৰ ৷

পাণ্ডুত সন্তান প্ৰসৱৰ পিছতেই প্ৰসূতিৰ মৃত্যু

By

Published : May 26, 2019, 6:13 PM IST

গুৱাহাটী,26 মে': দেওবাৰে মহানগৰীৰ পাণ্ডু হৰিজন কলনীত সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ সন্তান প্ৰসৱৰ পাছতেই মৃত্যু হয় পূজা মুৰ্মু নামৰ এগৰাকী মহিলাৰ ৷ উল্লেখ্য যে যোৱা ১২ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল মহিলাগৰাকীক ৷ কিন্তু চিকিৎসা চলি থকা অৱস্থাতে প্ৰসূতিগৰাকীক চিকিৎসালয়তে এৰি পলায়ন কৰে স্বামী ইতিপাং চোৰেণে৷ আনহাতে অসহায় মহিলাগৰাকীয়েও শুকুৰবাৰে চিকিৎসালয়ৰ পৰা পাণ্ডুস্থিত ঘৰলৈ গুচি আহে ।

পাণ্ডুত সন্তান প্ৰসৱৰ পিছতেই প্ৰসূতিৰ মৃত্যু

দুৰ্ভাগ্যবশতঃ দেওবাৰে পুৱা ৫ বজাত সন্তান প্ৰসৱৰ পাছতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে মহিলাগৰাকী আৰু চিকিৎসালয়লৈ নিয়াৰ পূৰ্বেই মৃত্যুক সাৱটি লয় পূজা মুৰ্মুৱে । পিচত জালুকবাৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নৱজাতকটিৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই চাইল্ড লাইনক গতাই দিয়ে ।

ABOUT THE AUTHOR

...view details