অসম

assam

ETV Bharat / state

মৰিগাঁৱত পৰীক্ষাৰ আগদিনালৈ শিক্ষাৰ্থীয়ে নাপালে পৰীক্ষাৰ প্ৰৱেশ পত্ৰ

শংকৰদেৱ একাডেমীৰ ১৫জন শিক্ষাৰ্থী বঞ্চিত পৰীক্ষা প্ৰৱেশ পত্ৰ লাভৰ পৰা

admit card

By

Published : Feb 11, 2019, 10:26 PM IST

মৰিগাওঁ, ১১ ফেব্ৰুৱাৰীঃৰাজ্যত মঙলবাৰ পৰা আৰম্ভ হ'ব দ্বাদশ বৰ্ষৰ চূড়ান্ত পৰীক্ষা। ছাত্র জীৱনৰ আটাইতকৈ মূল্যবান এই পৰীক্ষাৰ বাবে সাজু হৈছে ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী। পিছে মৰিগাঁও ব্যক্তিগত খণ্ডৰ শংকৰদেৱ একাডেমীৰ ১৫জন শিক্ষাৰ্থীয়ে সোমবাৰ তথা পৰীক্ষাৰ আগদিনালৈ নাপালে পৰীক্ষাৰ প্ৰৱেশ পত্ৰ। যাৰ বাবে শংকিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল।

admit card
ভুক্তভোগী ছাত্ৰ-ছাত্ৰীসকল সোমবাৰে বিয়লিলৈকে অপেক্ষা কৰাৰ পাছত উপায়ন্তৰ হৈ কাষ চাপে জিলা উপায়ুক্তৰ। বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু উপায়ুক্তৰ নেতৃত্বত বঞ্চিত ছাত্ৰ ছাত্ৰীসকলক পঞ্জীয়ন পত্ৰ লৈ বৰ্ড অফ ছেকেণ্ডাৰিৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ পৰামৰ্শ আগবঢ়াই। আনহাতে, ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা শংকৰদেৱৰ একাডেমি খনৰ বিৰুদ্ধে জিলা প্ৰশাসনে কি ব্যৱস্হা লয় সেয়া হ'ব লক্ষণীয়।

ABOUT THE AUTHOR

...view details