অসম

assam

ETV Bharat / state

৫০ বছৰলৈ ব্যক্তিগত খণ্ডৰ হাতত বৰঝাৰ বিমানবন্দৰ - বৰঝাৰ বিমানবন্দৰ

ব্যক্তিগতকৰণৰ দিশে দেশৰ ৬টাকৈ বিমানবন্দৰ । আদানী গ্ৰুপৰ হাতলৈ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

By

Published : Feb 27, 2019, 8:47 PM IST

বৰঝাৰ, ২৭ ফেব্ৰুৱাৰীঃ ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰিলে অসম তথা উত্তৰ-পূবৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় সংযোগী বিমানবন্দৰটো ।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

দেশৰ ৬টা বিমানবন্দৰক ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়ে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে । আহমেদাবাদ, জয়পুৰ, লক্ষ্নৌ, মাংগালুৰু আৰু তিৰুৱন্তপুৰমকে ধৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক ব্য়ক্তিগত খণ্ডৰ আদানী গ্ৰুপৰ হাতত গতাই দিয়ে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে । অহা ৫০ বছৰলৈ এইসমূহ বিমানবন্দৰৰ চোৱাচিতাৰ দায়িত্বত থাকিব আদানী গ্ৰুপ ।

মঙলবাৰে হৈ যোৱা নিলাম প্ৰক্ৰিয়াত আদানী গ্ৰুপে লাভ কৰে বৰঝাৰ বিমানবন্দৰৰ নিবিদা । ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে বিমানবন্দৰ সমূহৰ আন্ত:গাঁঠনি লগতে আন দিশসমূহৰ উন্নয়নৰ বাবে অনুষ্ঠিত কৰিছিল এই নিলাম । আনহাতে এই ঘটনাৰ পাচতে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিমানবন্দৰ প্ৰাধিকৰণ শ্ৰমিক সন্থাই । সন্থাই প্ৰকাশ কৰা অনুসৰি, বিমানবন্দৰৰ ব্যক্তিগতকৰণৰ লগে লগেই বহুটো সমস্য়াৰ সন্মুখীন হ'ব শ্ৰমিকসকল । বিশেষকৈ বিমানবন্দৰ প্ৰাংগনত থকা ক্ষুদ্ৰ ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় বন্ধ কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হ'ব পাৰে বুলি প্ৰকাশ কৰে সন্থাই । আনহাতে বিমানবন্দৰৰ টেক্সিচালকসকলে সমস্যাত পৰাৰ লগতে বৃদ্ধি পাব বিমানবন্দৰৰ পাৰ্কিঙকে ধৰি প্ৰৱেশ মুল্য ।

ABOUT THE AUTHOR

...view details