কৰিমগঞ্জ, 13 মে’ : নাজ হত্যাৰ কুখ্যাত অপৰাধী হিফজুৰ আৰু দীপ নুনিয়াৰ পলায়নৰ গোচৰত জেইলাৰসহ দুজন ৱাৰ্ডেনক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় । উল্লেখ্য যে, বিগত 10 মে’ৰ দিনা শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়ন কৰিছিল আজীৱন কাৰাদণ্ডৰে দণ্ডিত হৈ কেন্দ্ৰীয় কাৰাগাৰত থকা দুই অপৰাধীয়ে ৷ অপৰাধী দুটা হ’ল দীপ নুনিছা আৰু হিফজুৰ ৰহমান (Two prisoners escape from Silchar jail) ৷
শেহতীয়াকৈ নিৰাপত্তাজনিত কাৰণৰ বাবে কৰিমগঞ্জ জিলা কাৰাগাৰৰ পৰা শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছিল কয়দী হিফজুৰক । কিন্তু ইয়াৰ পিচতে চেগ বুজি সিন্ধি খান্দি পলায়ন কৰিবলৈ সক্ষম হয় ৷ বুধবাৰে নিশা কাৰাগাৰৰ দেৱালৰ তলেৰে সুৰংগ খান্দি পলায়ন কৰে আজীৱন কাৰাদণ্ডৰে দণ্ডিত দুই কয়দীয়ে (Two prisoners escaped) ।
সম্প্ৰতি মুকলি আকাশৰ তলত থকা দুই অপৰাধীৰ বাবে নিৰাপত্তাহীনতাত ভুগিছে বৰাক উপত্যকাবাসীয়ে ৷ সম্প্ৰতি সমগ্ৰ উপত্যকাবাসীকে আতংকিত কৰি ৰাখিছে কুখ্যাত অপৰাধী হিফজুৰ আৰু দীপে । কৰ্তব্যৰ ক্ষেত্ৰত গুৰুতৰ গাফিলতি কৰাৰ বাবে জেইলাৰ সুদীপ বেনাৰ্জীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় ৷ ইয়াৰ লগতে দুই ৱাৰ্ডেন পৰিমল কান্তি ধৰ আৰু আজিম উদ্দিনকো চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে বুলি জানিবলৈ পৰা গৈছে ৷ কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ নিৰ্দেশমৰ্মে তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় (escape from Silchar jail latest update) ৷