শিলচৰ. 5 জুলাইঃ শিলচৰৰ মেডিকেল কলেজৰ পাছফালৰ পথটো পুনৰ মুকলি কৰাৰ দাবীত দেওবাৰে সোনাইৰ বিধায়ক অমিনুল হক লস্কৰৰ বাসগৃহ ঘেৰাও কৰে স্থানীয় লোকে ৷ উল্লেখ্য যে, কোভিড 19 মহামাৰীৰ বাবে শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষ আৰু চৰকাৰে পথটো বন্ধ কৰি দিছিল । ইয়াৰ ফলত ক্ষুব্ধ হৈ পৰা স্থানীয় ৰাইজে গণ স্বাৰ্থ সুৰক্ষা কমিটি নাম এটা সংগঠন গঠন কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰিছিল কাছাৰৰ জিলা প্ৰশাসনক ৷ কিন্তু ইয়াৰ পাছতো প্ৰশাসনে বৰ্তমানলৈ মুকলি কৰা নাই পথটো । যাৰ বাবে দেওবাৰে স্থানীয় ৰাইজে সোনাইৰ বিধায়ক অমিনুল হক লস্কৰৰ বাসগৃহ ঘেৰাও কৰি পথটো শীঘ্ৰে মুকলি কৰাৰ দাবী জনায় ।
বিধায়কৰ বাসগৃহ ঘেৰাও কৰিলে প্ৰতিবাদকাৰীয়ে - সোনাই বিধায়ক
পুলিচ প্ৰশাসনে মাজপথতে আটক কৰে প্ৰতিবাদকাৰীসকলক ।
সোনাইৰ বিধায়কৰ বাসগৃহ ঘেৰাও
পুলিচ প্ৰশাসনে মাজপথতে আটক কৰে প্ৰতিবাদকাৰীসকলক । পাছত 5 জন প্ৰতিবাদকাৰীয়ে বিধায়কক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে । বিধায়কগৰাকীয়ে শীঘ্ৰে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি সমস্যাৰ সমাধানৰ আশ্বাস দিয়ে ।
লগতে পঢ়ক : শীঘ্ৰে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা শিৱসাগৰ বিধানসভাৰ উপ নিৰ্বাচন