শিলচৰ , 08 মে': চৰকাৰী বিদ্যালয়ত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম দিন পালন কৰা বন্ধ কৰি সেই দিনটোত ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষা লোৱাৰ বাবে ৰাজ্য চৰকাৰক অসম সাহিত্য সভাৰ সভাপতি ড0 পৰমানন্দ ৰাজবংশীয়ে তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ মঙলবাৰে শিলচৰ বংগভৱনত অনুষ্ঠিত এক আন্তৰ্জাতিক বাউল উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰক সমালোচনা কৰে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে ৷
কবিগুৰুৰ জন্মদিনত চৰকাৰী বন্ধৰ দাবী পৰমানন্দ ৰাজবংশীৰ
ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মদিনটোত চৰকাৰী বন্ধ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তক সমালোচনা অসম সাহিত্য সভাৰ সভাপতি ড0 পৰমানন্দ ৰাজবংশীৰ ৷ শিলচৰত মঙলবাৰে এক অনুষ্ঠানত ভাগ লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে সভাপতিগৰাকী ৷
ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা পৰমানন্দ ৰাজবংশীৰ!
কবিগুৰুৰ গুণানুকীৰ্তন কৰি ড0 ৰাজবংশীয়ে কিয় বিশেষ দিনটোত চৰকাৰী বন্ধ ঘোষণাৰ সলনি ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত ব্যস্ত ৰখা হ'ল বুলি প্ৰশ্ন কৰে ৷