অসম

assam

ETV Bharat / state

এমাহতকৈও অধিক সময়ৰ বাবে শিলচৰত খাদ্য সামগ্ৰী মজুত আছে

ৰাজ্যৰ ২৭ লাখ কৃষকে বিনামূলীয়াকৈ লাভ কৰিব বীজ আৰু সাৰ।

Ministers visited at Silchar
এমাহতকৈও অধিক সময়ৰ বাবে শিলচৰত খাদ্য সামগ্ৰী মজুত আছে

By

Published : Apr 19, 2020, 8:31 PM IST

শিলচৰ,19 এপ্ৰিলঃ লক ডাউনৰ মাজতে দেওবাৰে কাছাৰ জিলাৰ কৃষক সকলৰ অৱস্থাৰ বুজ ল'বলৈ শিলচৰত উপস্থিত হয় কৃষি মন্ত্ৰী অতুল বৰা,যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ৷ জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এক পৰ্যালোচনা সভাত উপায়ুক্তৰ লগতে বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে মিলিত হয় তিনিওগৰাকী মন্ত্ৰী। এই সভাত মন্ত্ৰী অতুল বৰাই মাছ-মাংস,শাক-পাচলি আদিৰ ক্ষেত্ৰত জিলাখনৰ সৰ্বসাধাৰণ ৰাইজৰ যাতে অসুবিধা নহয় তাৰ ওপৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে ৷ ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে এই সভাতে ৰাজ্যৰ ২৭ লাখ কৃষকে বিনামূলীয়াকৈ বীজ আৰু সাৰ লাভ কৰিব বুলিও মন্তব্য কৰে ৷ আনহাতে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে মন্তব্য প্ৰকাশ কৰি কয় যে,এমাহতকৈও অধিক সময়ৰ বাবে শিলচৰত খাদ্য সামগ্ৰী মজুত আছে ৷ আনহাতে,কোনো ব্যৱসায়ীয়ে খাদ্য-সামগ্ৰীৰ ক্ষেত্ৰত ৰাইজৰ পৰা অধিক মূল্য ল'লে সেইক্ষেত্ৰত ব্যৱসায়ীগৰাকীৰ ওপৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷

এমাহতকৈও অধিক সময়ৰ বাবে শিলচৰত খাদ্য সামগ্ৰী মজুত আছে

ABOUT THE AUTHOR

...view details