অসম

assam

By

Published : May 25, 2020, 10:27 PM IST

ETV Bharat / state

শিলচৰত হিন্দু আৰু মুছলমানে দাঙি ধৰিলে সম্প্ৰীতিৰ অনন্য নিদৰ্শন

ইছলাম ধৰ্মাৱলম্বী লোকে হিন্দু ধৰ্মাৱলম্বী লোকক কোৰাণ উপহাৰ দিয়াৰ বিপৰীতে হিন্দু ধৰ্মাৱলম্বী লোকে ইছলাম ধৰ্মাৱলম্বী লোকক উপহাৰ হিচাপে তুলি দিলে ভাগৱত গীতা ৷

Communal harmony seen at Silchar between Hindu and Muslim
শিলচৰত হিন্দু আৰু মুছলমানে ডাঙি ধৰিলে সম্প্ৰীতিৰ অনন্য নিদৰ্শন

কাছাৰ, 25 মে': লকডাউনৰ বাবে স্তিমিত ঈদৰ আনন্দ উল্লাহ ৷ পূৰ্বৰ দৰে উলহ-মালহেৰে নহ'লেও ৰাজ্যজুৰি অনুষ্টুপীয়াকৈ পালন কৰা হৈছে পৱিত্ৰ ঈদ-উল-ফিতৰ ৷ ঈদগাহত সমুহীয়া নামাজ আদায় কৰাৰ বিপৰীতে নিজৰ ঘৰতে সকলো মুছলমান ধৰ্মাৱলম্বী লোকে আদায় কৰিলে ঈদৰ নামাজ । ঈদৰ এই পৱিত্ৰ দিনটোতে শিলচৰত হিন্দু আৰু মুছলমানে দাঙি ধৰিলে সম্প্ৰীতিৰ অনন্য নিদৰ্শন ৷ ইছলাম ধৰ্মাৱলম্বী লোকে হিন্দু ধৰ্মাৱলম্বী লোকক কোৰাণ উপহাৰ দিয়াৰ বিপৰীতে হিন্দু ধৰ্মাৱলম্বী লোকে ইছলাম ধৰ্মাৱলম্বী লোকক উপহাৰ হিচাপে তুলি দিলে ভাগৱত গীতা ৷

শিলচৰত হিন্দু আৰু মুছলমানে ডাঙি ধৰিলে সম্প্ৰীতিৰ অনন্য নিদৰ্শন

ঈদৰ উপলক্ষে শিলচৰ ইস্কন মন্দিৰত ইছলাম ধৰ্মাৱলম্বী লোকে হিন্দু ধৰ্মাৱলম্বী লোকক কোৰাণ উপহাৰ দিয়াৰ বিপৰীতে হিন্দু ধৰ্মাৱলম্বী লোকে ইছলাম ধৰ্মাৱলম্বী লোকক উপহাৰ হিচাপে তুলি দিলে ভাগৱত গীতা ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাছাৰৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেব ৷ উল্লেখ্য যে, ঈদ উপলক্ষ্যে আজমল ফাউণ্ডেচনৰ সহযোগত শিলচৰৰ ইস্কন মন্দিৰ কৃৰ্তপক্ষৰ তৰফৰ পৰা যোগান ধৰা হয় কিছু খাদ্য সামগ্ৰী ৷ খাদ্য সামগ্ৰীৰ মাজত আছিল 10 কুইন্টল চাউন, 50 কিলোগ্ৰাম দালি, 2 কুইন্টল আলু, 50 কিলোগ্ৰাম বুট মাহ আৰু 25 কিলোগ্ৰাম খেজুৰ । এই খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত দেখা গল এক ব্যতিক্ৰমী দৃশ্য ৷

লগতে পঢ়কঃতেজপুৰ বিশ্ববিদ্যালয় পৰিদৰ্শন মন্ত্ৰী ৰঞ্জিত দত্তৰ

ABOUT THE AUTHOR

...view details