অসম

assam

By

Published : Sep 4, 2019, 10:47 AM IST

ETV Bharat / state

বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিক হ'লগৈ বিদেশী !

শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ ডঃ সুমনা চক্ৰৱৰ্তী শৰ্মা নামৰ গ্ৰন্থাগাৰিক গৰাকীৰ পৰিয়ালৰ সকলো লোকৰ নাম এন আৰ চিৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হ'ল যদিও এন আৰ চিত নাম নাহিল গ্ৰন্থাগাৰিক গৰাকীৰ ৷

অসম বিশ্ববিদ্যালয়ৰ ডঃ সুমনা চক্ৰৱৰ্তী শৰ্মা নামৰ গ্ৰন্থাগাৰিক গৰাকীৰ নাম নাহিল এন আৰ চিত

শিলচৰ, 04 চেপ্তেম্বৰঃ এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিল বহু হাই প্ৰফাইল লোকৰ নাম ৷ সেনা জোৱান, বিধায়ক অথবা সাংসদৰ পৰা সাধাৰণ লোকলৈকে বহুতৰে নাম নাহিল এন আৰ চিত ৷ শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ ডঃ সুমনা চক্ৰৱৰ্তী শৰ্মা নামৰ গ্ৰন্থাগাৰিক গৰাকীৰ পৰিয়ালৰ সকলো লোকৰ নাম এন আৰ চিৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হ'ল যদিও এন আৰ চিত নাম নাহিল গ্ৰন্থাগাৰিক গৰাকীৰ ৷ উল্লেখযোগ্য যে, এন আৰ চি কৰ্তৃপক্ষই নথি পত্ৰ পৰীক্ষা কৰাৰ সময়ত কোনো সমস্যা নাই বুলি অৱগত কৰিছিল যদিও চূড়ান্ত তালিকাত নাম নহাত এতিয়া ক্ষোভিত হৈ পৰিছে ডঃ চক্ৰৱৰ্তী ৷ সেয়ে তেওঁ এন আৰ চিৰ প্ৰক্ৰিয়াটোক সন্দেহ প্ৰকাশ কৰি এই ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে ৷

অসম বিশ্ববিদ্যালয়ৰ ডঃ সুমনা চক্ৰৱৰ্তী শৰ্মা নামৰ গ্ৰন্থাগাৰিক গৰাকীৰ নাম নাহিল এন আৰ চিত

ABOUT THE AUTHOR

...view details