হাফলং 12 মাৰ্চ:- শিলচৰত সংঘটিত হৈছে এক জঘন্য ঘটনা ৷ দিন দুপৰতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা 9 বছৰীয়া শিশুক (Brutal Murder in Silchar) ৷ শনিবাৰে শিলচৰৰ Water Works ৰোডত (Water Works Road Silchar) দিন দুপৰতে সংঘটিত হয় এই নিৰ্মম হত্যাকাণ্ড (Silchar murder incident) ৷
দিনৰ প্ৰায় 12.15 বজাত সংঘটিত হয় এই নিৰ্মম হত্যাকাণ্ড ৷ শিলচৰৰ মধুৰবন্দ অমিৰিয়া লেনৰ বাসিন্দা অপু মজুমদাৰ নামৰ এটা দুৰ্বৃত্তই ডিঙিত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে আয়ান নামৰ এটি 9 বছৰীয়া শিশুক ৷ ভূমিকেন্দ্ৰিক সংঘাতৰ পৰিণতিতেই নিজ গৃহৰ সন্মুখৰ পথত দুৰ্বৃত্তটোৱে নিৰ্মমভাৱে হত্যা কৰে শিশুটিক । জানিব পৰা মতে হত্যাকাৰী অপু মজুমদাৰ আৰু আয়ানৰ পৰিয়ালৰ মাজত আত্মীয়ৰ সম্পৰ্ক আছিল (Silchar crime news) ।
স্থানীয় লোকে জানিবলৈ দিয়া মতে শনিবাৰে শিশুটিয়ে নিজ ঘৰৰ সন্মুখত খেলি থকাৰ সময়তে অপু মজুমদাৰ নামৰ দুৰ্বৃত্তটো উপস্থিত হৈ শিশুটিক পথৰ বিপৰীত দিশলৈ টানি নি, মুখত চেপি ধৰি, চোকা অস্ত্ৰৰে ডিঙিত আঘাত কৰি পথৰ দাঁতিত পেলাই থৈ যায় ৷ সংকটজনক অৱস্থাত শিশুটিক শিলচৰ মেডিকেল কলেজত (Silchar Medical College and Hospital) ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে শিশুটিক ৷ ইতিমধ্যে চিচি টিভিত বন্দী হৈছে হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্য ৷
আনহাতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ দেৰ ঘণ্টাৰ ভিতৰতে হত্যাকাৰী অপু মজুমদাৰক কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ কাছাৰৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে আৰক্ষীৰ প্ৰাথমিক তদন্তত ভূমি সংক্ৰান্তীয় বিবাদৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হয়। হত্যাকাৰী অপু মজুমদাৰ গুৱাহাটীত কৰ্মৰত হৈ আছিল আৰু তেওঁ আম আদমী পাৰ্টীৰ যুৱ শাখাৰ সদস্য আছিল বুলি জানিব পৰা গৈছে ৷ একমাত্ৰ পুত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে আয়ানৰ পিতৃ ৷ নিৰ্মম এই ঘটনাই এতিয়া সমগ্ৰ শিলচৰতে শোকৰ ছাঁ পেলাইছে।
লগতে পঢ়ক:Guwahati double murder : শংকৰী দে’ আৰু অমৰজ্যোতি দে’ৰ মৃতদেহৰ অৱশিষ্ট DNA পৰীক্ষাৰ বাবে ফৰেনছিকলৈ প্ৰেৰণ