অসম

assam

By

Published : Dec 30, 2019, 9:23 PM IST

ETV Bharat / state

সন্ধানহীন পুত্ৰ-কন্যাক বিচাৰি আমৰণ অনশন পিতৃ-মাতৃ

শিশু দুগৰাকীৰ সন্ধানত পিতৃ-মাতৃয়ে বিগত 6 মাহ ধৰি প্ৰশাসনৰ কাষ চাপে যদিও প্ৰশাসনে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ পিতৃ-মাতৃৰ ৷ যাৰ অন্তত আমৰণ অনশনত বহে দুৰ্ভগীয়া পিতৃ-মাতৃ ৷

শিলচৰ
সন্ধানহীন পুত্ৰ-কন্যাক বিচাৰি আমৰণ অনশন পিতৃ-মাতৃ

শিলচৰ, 30 ডিচম্বৰঃবিগত 6 মাহ ধৰি নিখোজ দুই সন্তানৰ বাবে আমৰণ অনশনত বহিল এহাল পিতৃ-মাতৃ । দীৰ্ঘদিন ধৰি জিলা প্ৰশাসনিক কৰ্মকৰ্তাক আবেদন-নিবেদন কৰাৰ পাচতো কোনো ফল লাভ কৰা নাই পিতৃ-মাতৃয়ে । যাৰ বাবে উপায়হীন হৈ সোমবাৰৰ পৰা আমৰণ অনশনত বহে শিলচৰৰ মালিনী বিল এলেকাৰ সুনধন দাস আৰু তেখেতৰ পত্নী ৷

সন্ধানহীন পুত্ৰ-কন্যাক বিচাৰি আমৰণ অনশন পিতৃ-মাতৃ

উল্লেখ্য যে, সৌৰভ দাস আৰু সুপ্ৰিয় দাস ক্ৰমে 11 আৰু 6 বছৰৰ শিশু দুগৰাকী বিগত 6 মাহ ধৰি নিখোজ হৈ আছে ৷ শিশু দুগৰাকীৰ সন্ধানত পিতৃ-মাতৃয়ে বিগত 6 মাহ ধৰি প্ৰশাসনৰ কাষ চাপে যদিও প্ৰশাসনে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন পিতৃ-মাতৃৰ ৷ যাৰ অন্তত আমৰণ অনশনত বহে দুৰ্ভগীয়া পিতৃ-মাতৃ ৷ সন্ধাহীন শিশু দুগৰাকী সম্ভেদ নোপোৱা পৰ্যন্ত অনশন কৰিব বুলিও মন্তব্য কৰে পিতৃ-মাতৃ দুগৰাকীয়ে ৷

আৰু পঢ়কঃ স্তব্ধ হিমাচলৰ লাহোল স্পীতিৰ জনজীৱন, -30 ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা

ABOUT THE AUTHOR

...view details