চিৰাং, 14 জুলাই :বঙাইগাঁৱত মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ প্ৰতিবাদ । ঠেলাগাড়ীত মটৰ ছাইকেল উঠাই বঙাইগাঁও ৰাজীৱ ভৱনৰ পৰা প্ৰতিবাদী সমদলেৰে বঙাইগাঁও চহৰত প্ৰতিবাদ সাব্যস্ত কৰিলে যুৱকংগ্ৰেছীসকলে । প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক বীৰ কুমাৰ অধিকাৰীয়ে নেতৃত্ব দিয়ে এই প্ৰতিবাদৰ ৷ বিশেষকৈ লক ডাউন আৰু বানৰ সময়ত মানুহ জুৰুলা হৈ পৰাৰ সময়তো এনে সময়তে চৰকাৰে পেট্ৰ'ল আৰু ডিজেলৰ যি মূল্য বৃদ্ধি কৰিছে তাৰ বিৰোধিতা কৰে । অতি শীঘ্ৰেই মূল্য হ্ৰাস কৰাৰ বাবে দাবী জনালে প্ৰতিবাদকাৰীসকলে ।
মূল্য বৃদ্ধিৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ প্ৰতিবাদ
পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ বঙাইগাঁও বিধানসভা সমষ্টিৰ যুৱ কংগ্ৰেছ কমিটীৰ ।
youth congress protest
মূল্যবৃদ্ধিয়ে সমগ্ৰ দেশতে ব্যাপক প্ৰভাৱ পেলাইছে । পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে । সেয়ে কংগ্ৰেছে বিগত প্ৰায় ১৫ দিনৰ পৰা ধাৰাবাহিক ভাৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে সমগ্ৰ দেশতে ।
লগতে পঢ়ক :দক্ষিণ শালমাৰাত বানৰ সংহাৰী ৰূপ