অভয়াপুৰী, 3 আগষ্ট :বহু জল্পনা-কল্পনাৰ অন্তত 30 জুলাইত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC EXAM RESULT)ৰ ফলাফল ঘোষণা কৰা হয় ৷ কিন্তু পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছৰে পৰা ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বিসংগতি হোৱাৰ অভিযোগ কৰি ৰাজ্যৰ ঠায়ে ঠায়ে একাংশ অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ মঙলবাৰে পুনৰ অনুৰূপ ঘটনা সংঘটিত হয় বঙাইগাঁও জিলাৰ যোগেন্দ্ৰ নাৰায়ণ সোঁৱৰণী ছোৱালী উচ্চ বিদ্যালয়ত ৷
যোগেন্দ্ৰ নাৰায়ণ সোঁৱৰণী ছোৱালী উচ্চ বিদ্যালয়ৰ ছাত্ৰীসকলে মঙলবাৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰীৰ ছকিৰন নেছাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে ৷ প্ৰধান শিক্ষয়িত্ৰীয়ে গোপন বুজাবুজিৰে বিদ্যালয়খনৰ কেইগৰাকীমান শিক্ষাৰ্থী পৰীক্ষাত উত্তীৰ্ণ কৰোৱা অভিযোগ কৰে অনুত্তীৰ্ণ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলে । শিক্ষাৰ্থীসকলে অভিযোগ কৰা মতে, তেওঁলোকে বিভিন্ন পৰীক্ষাৰ মূল্যায়নত ভাল নম্বৰ পোৱা স্বত্বেও কেৱল প্ৰধান শিক্ষয়িত্ৰীৰ স্বজন-প্ৰীতিৰ বাবে পৰীক্ষাত অনুত্তীৰ্ণ হয় ।