অসম

assam

By

Published : Jan 17, 2021, 6:10 PM IST

ETV Bharat / state

বঙাইগাঁৱত দিনযোৰা কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন

জ্যোতিসংঘ আৰু সমুহীয়া কেন্দ্ৰ,বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু বঙাইগাঁও শিল্পী সমাজৰ উদ্যোগত উদযাপন কৰা হৈছে এই শিল্পী দিৱস ৷

silpi-diwash-celebrated-at-bongaigaon
বঙাইগাঁৱত দিনযোৰা কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন

বঙাইগাঁও,17 জানুৱাৰী: আজি শিল্পী দিৱস ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে বিশ্ববৰেণ্য শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসটো ৷ বিভিন্ন কাৰ্যসূচীৰে বঙাইগাঁও জিলা সদৰৰ বৰপাৰা ৰাজহুৱা খেলপথাৰতো উদযাপন কৰা হৈছে শিল্পী দিৱস ৷ জ্যোতিসংঘ আৰু সমুহীয়া কেন্দ্ৰ,বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু বঙাইগাঁও শিল্পী সমাজৰ উদ্যোগত উদযাপন কৰা হৈছে শিল্পী দিৱস ৷ দেওবাৰে পুৱা শিল্পী দিৱস অনুষ্ঠানৰ আৰম্ভণিতে শ্বহীদ নৱকুমাৰ ৰায়ৰ ভাতৃ পৰিয়ালে স্মৃতি তৰ্পণ কৰাৰ লগতে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱালে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে ৷

বঙাইগাঁৱত দিনযোৰা কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন

উল্লেখ্য যে,অনুষ্ঠানত জ্যোতি সংগীতৰ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, আবৃত্তি প্ৰতিযোগিতাৰ লগতে বিভিন্ন খেলধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ সন্ধিয়া স্থানীয় শিল্পী সকলৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব বুলি জনাইছে উদ্যোক্তাই ৷

লগতে পঢ়কঃগহপুৰৰ ভোলাগুৰি চাহ বাগিছাত গীতে-মাতে সোঁৱৰণ ৰূপকোঁৱৰক

ABOUT THE AUTHOR

...view details