বঙাইগাঁও, 18 জানুৱাৰী :বঙাইগাঁও আৰু বৰপেটা জিলাৰ সীমামূৰীয়া বহু কেইটা স্থানত অবাধে চলি আছে বালি খনন কাৰ্য (Illegal sand mining in Barpeta)। অবৈধ বালি খননেৰে বালি মাফিয়াই চলাই আহিছে ৰমৰমীয়া ব্যৱসায় । কিন্তু, ৰহস্যজনকভাৱে এই সমগ্ৰ প্ৰক্ৰিয়াত নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে জিলা প্ৰশাসন তথা বন বিভাগৰ বিৰুদ্ধে ।
বতটাৰী, ক্ষুদ্ৰখোৱা, আপৰুবী, ইছবপুৰ, মানিকপুৰ, শালমাৰা, লুংঝাৰ গাঁৱত দিনে নিশাই JCBৰ লগতে 20 ৰ পৰা 25 খন ট্ৰেক্টৰ, ডাম্পাৰ লগাই আই নদীত অব্যাহত ৰাখিছে বালি খনন কাৰ্য ৷ যাৰ পৰিপ্ৰেক্ষিতত অবৈধভাৱে মাটি খনন বন্ধ কৰাৰ লগতে ভূ-মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি নৈ পৰীয়া ৰাইজক ৰক্ষা কৰাৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চটোৰ স্থানীয় ৰাইজে (Manikpur people proest Against Land Mafiya) ৷