বঙাইগাঁও, 12 অক্টোবৰ:অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । সমান্তৰালকৈ উক্ত ঘটনাৰ চিবিআই তদন্তৰ দাবীত বঙাইগাঁৱত সোমাবাৰে বিয়লি ১ বজাত বঙাইগাঁৱৰ বৰপাৰাত আছু,কৃষক মুক্তি,গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু শিল্পী সমাজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰী সকলে বৰপাৰা ৰাজহুৱা খেলপথাৰত হাতে হাতে প্লে কাৰ্ড লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ফণীভূষণ চৌধুৰীক তদন্তৰ আওতাত আনি চিবিআইৰ তদন্তৰ দাবী জনায় ।
ইফালে বঙাইগাঁৱত নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত অক্ষয় চান্দ বৈদৰ ঘৰত চি আই ডিয়ে নিশা অভিযান চলায় । আৰু পুৱা চাৰি বজাত তেওঁৰ ভাইবোৱাৰীৰ নামত থকা গুদাম ঘৰত অগ্নিকাণ্ড হয় যদিও ২৪ ঘন্টা পাৰ হৈ যোৱাৰ পিচতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে । সেই লৈ প্ৰতিবাদী সকলে সন্দেহ কৰে যে,নিযুক্তি কেলেংকাৰীৰ নথি জ্বলাই দিয়া বুলি ।