অসম

assam

বঙাইগাঁৱত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল নৰ্থ ইষ্ট এক্সপ্ৰেছ

By

Published : Sep 25, 2019, 3:41 AM IST

Updated : Sep 25, 2019, 8:29 AM IST

চলন্ত অৱস্থাত ডবা খুলি দুভাগ হ'ল নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰেল ৷ সৌভাগ্য ক্ৰমে ৰক্ষা পৰিল শতাধিক ৰেল যাত্ৰী ৷

মানিকপুৰত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল নৰ্থ ইষ্ট এক্সপ্ৰেছ

বঙাইগাঁও, 24 ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ মানিকপুৰৰ সমীপত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল দিল্লীৰ পৰা গুৱাহাটী অভিমুখে আহি থকা নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰেলখন ৷ ঘটনা অনুসৰি প্ৰায় শতাধিক যাত্ৰীয়ে যাত্ৰা কৰি থকা ৰেলখনৰ মানিকপুৰৰ পাতিলাদহা ষ্টেচনৰ ওচৰত চলন্ত অৱস্থাতে ডবাৰ পৰা ইঞ্জিন খুলি আগুৱাই যায় ৰেলখনৰ ৷ পাছত প্ৰায় ডেৰ কিলোমিটাৰ আগুৱাই যোৱাৰ পাছত ঘটনাৰ খবৰ পোৱাৰ পাছত ইঞ্জিনটো পুনৰ উভতাই অনা হয়,যাৰ ফলত এক অনাকাংক্ষিত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে গুৱাহাটী অভিমুখী ৰেলখন আৰু তাত থকা শতাধিক যাত্ৰী ৷ ইফালে ইঞ্জিনৰ সৈতে পুনৰ সংযোগ স্থাপন হোৱাৰ পাছত ৰেলখনে নিজ গন্তব্য স্থান অভিমুখে গতি কৰে ৷

ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল নৰ্থ ইষ্ট এক্সপ্ৰেছ
Last Updated : Sep 25, 2019, 8:29 AM IST

ABOUT THE AUTHOR

...view details