অসম

assam

ETV Bharat / state

অভয়াপুৰীৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন বিধায়ক আব্দুল বাতিন খন্দকাৰৰ - বঙাইগাঁও

দেওবাৰে মাণিকপুৰত আই নৈৰ খহনীয়া(Erosion) পৰিদৰ্শন কৰি মন্ত্ৰী পীযুষ হাজৰিকাৰ(Pijush Hazarika)ৰ বিৰুদ্ধে ক্ষোভ উজাৰে বিধায়ক আব্দুল বাতিন খন্দকাৰে(Abdul Batin Khandakar) ৷ বাৰম্বাৰ অনুৰোধ কৰাৰ পাচতো মন্ত্ৰী হাজৰিকাই উত্তৰ অভয়াপুৰী সমষ্টিৰ বান-গৰাখহনীয়া পৰিস্থিতি এবাৰো পৰিদৰ্শন নকৰাৰ অভিযোগ বিধায়ক খন্দকাৰৰ ৷

mla-abdul-batin-khandakar-visited-to-erosion-of-manikpur
বান পৰিস্থিতি পৰিদৰ্শন

By

Published : Aug 23, 2021, 10:35 AM IST

অভয়াপুৰী, 23 আগষ্ট : বঙাইগাঁও জিলাৰ মাণিকপুৰত দেওবাৰে আই নৈৰ গৰাখহনীয়া(Erosion) পৰিদৰ্শন কৰে বিধায়ক আব্দুল বাতিন খন্দকাৰে(Abdul Batin Khandakar) ৷ খহনীয়া অঞ্চলটোত স্থানীয় বিধায়কগৰাকীয়ে উপস্থিত হৈ ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ(Pijush Hazarika)ৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।

সমষ্টিটোত বিৰোধী বিধায়ক থকাৰ বাবেই বিভাগীয় মন্ত্ৰীগৰাকীয়ে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ ক্ষোভ উজাৰি বিধায়ক খন্দকাৰে কয় যে, উত্তৰ অভয়াপুৰী সমষ্টিৰ লগতে বিজনী সমষ্টিতো আই নৈৰ প্ৰবল খহনীয়া অব্যাহত আছে ৷

লগতে পঢ়ক:কলগাছিয়াৰ বেছিমাৰীত উল্টা খান্দা নদীত ব্যাপক গৰাখহনীয়া

মন্ত্ৰী পীযুষ হাজৰিকাই বিজনী পৰিদৰ্শন কৰি সমষ্টিটোৰ খহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছে ৷ কিন্তু বাৰম্বাৰ অনুৰোধ কৰাৰ পাচতো উত্তৰ অভয়াপুৰী সমষ্টিৰ বান-খহনীয়া নিয়ন্ত্ৰণৰ ব্যৱস্থা হাতত নোলোৱা বুলি ক্ষোভ প্ৰকাশ কৰে বিধায়ক খন্দকাৰে ৷

বান পৰিস্থিতি পৰিদৰ্শন

জিলাখনৰ 34 নং উত্তৰ অভয়াপুৰী সমষ্টিত বৰ্তমানেও সংহাৰী ৰূপ ধাৰণ কৰি আছে আই নৈৰ ভয়ংকৰ খহনীয়াই । ইতিমধ্যে প্ৰায় শতাধিক পৰিয়ালৰ বাসগৃহ, চৰকাৰী বিদ্যালয়, ৰাজহুৱা মছজিদসহ শ শ বিঘা কৃষিভূমি নৈৰ বুকুত বিলীন হৈছে । সমষ্টিটোৰ যোগাযোগৰ গুৰুত্বপূৰ্ণ কীৰ্তনপাৰা-ডাঙাইগাঁও সংযোগী পকী পথটোও নৈৰ বুকুত জাহ যোৱাৰ হোৱাৰ উপক্ৰম হৈছে ।

কিন্তু তৎসত্বেও ৰাজ্যৰ জলসম্পদ বিভাগে(Irrigation Department) কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই । সেয়েহে খহনীয়া প্ৰতিৰোধৰ বাবে 4-5 খন গাঁৱৰ ৰাইজে নিজেই বাঁহ, গছ-গছনিৰে খহনীয়া প্ৰতিৰোধৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:পাগলাদিয়া নৈৰ তীব্ৰ গৰাখহনীয়াত উচন হ’ল বহু পৰিয়াল

ABOUT THE AUTHOR

...view details