অসম

assam

ETV Bharat / state

শৌচাগাৰ নিৰ্মাণৰ নামত অভয়াপুৰীত ঠিকাদাৰৰ লুণ্ঠনৰাজ

উত্তৰ অভয়াপুৰীত ঠিকাদাৰৰ লুণ্ঠনৰাজ। শৌচাগাৰ নিৰ্মাণৰ নামত লাখ লাখ টকা লুণ্ঠনৰ অভিযোগ ৷ তদন্তৰ দাবী হিতাধিকাৰীৰ৷

শৌচাগাৰ নিৰ্মাণৰ নামত অভয়াপুৰীত ঠিকাদাৰৰ লুণ্ঠনৰাজ

By

Published : Jun 1, 2019, 6:42 PM IST

অভয়াপুৰী, 1 জুন : দেশৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালক উপকৃত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অনাময় আঁচনিৰ জৰিয়তে শৌচাগাৰ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত বাংলাপাৰা গাঁৱত অনাময় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে ৷

শৌচাগাৰ নিৰ্মাণৰ নামত অভয়াপুৰীত ঠিকাদাৰৰ লুণ্ঠনৰাজ

মানাহ ভেলী গ্ৰাম উন্নয়ন পৰিষদ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ বিৰুদ্ধে শৌচাগাৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ তথা হিতাধিকাৰীয়ে। প্ৰাক্তন পঞ্চায়ত সভাপতি আকবৰ আলীৰ ছত্ৰছায়াত ঠিকাদাৰৰূপী পুত্ৰ আহম্মদ আলীয়ে ভুৱা একাধিক অস্তিত্বহীন স্বেচ্ছাসেৱী সংস্থা গঠন কৰি কেইবা শতাধিক দৰিদ্ৰ পৰিয়ালৰ শৌচাগাৰ নিৰ্মাণত চূড়ান্ত দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে ৷ অতিকৈ পিছপৰা এই অঞ্চলত বহু পৰিয়ালৰ শৌচাগাৰ নিৰ্মাণ আধৰুৱা কৰি ৰখাৰ লগতে বহুতৰে আকৌ কাম আৰম্ভ নকৰাকৈয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাৰ সহযোগত আৱন্টিত পুঁজি উলিয়াই নিলে আহাম্মদ আলী নামৰ ঠিকাদাৰজনে।

ABOUT THE AUTHOR

...view details