অসম

assam

By

Published : Jul 16, 2019, 10:05 AM IST

ETV Bharat / state

বঙাইগাঁৱত ব্ৰহ্মপুত্ৰ আৰু মানাহ নৈৰ তাণ্ডৱ

ব্ৰহ্মপুত্ৰ আৰু মানাহ নৈয়ে বুৰাই পেলাইছে অভয়াপুৰীৰ বহু অঞ্চল । বাঢ়নী পানীয়ে প্লাৱিত কৰিছে লতিবাৰী NRC কেন্দ্ৰ, বিদ্যালয় ।

বঙাইগাঁৱত ব্ৰহ্মপুত্ৰ আৰু মানাহ নৈৰ তাণ্ডৱ

অভয়াপুৰী,১৬জুলাই : ৰাজ্যত ভয়ংকৰ ৰূপ লৈছে বানে । উজনিৰ পৰা নামনিলৈ বানে চলাইছে তাণ্ডৱ । অভয়াপুৰীতো বানে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ আৰু মানাহ নৈৰ জলস্তৰ । ইয়াৰ ফলত বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপৱৰ্তী পিৰাধৰা গাঁও পঞ্চায়ত জলমগ্ন হৈ পৰিছে । পঞ্চায়ত খনৰ অন্তৰ্গত পিৰাধৰা প্ৰথম, দ্বিতীয় খণ্ডকে ধৰি লতিবাৰী প্ৰথম,দ্বিতীয় খণ্ড,তৃতীয় খণ্ড, আমগুৰী , নিউ পিৰাধৰা,টাপাট্ৰাৰী ,বেহুলাপাৰা, পিকনাপাৰা আদি প্ৰায় ১০ খন গাঁও ব্ৰহ্মপুত্ৰ আৰু মানাহ নৈয়ে পানীয়ে বুৰাই পেলাইছে ।

বঙাইগাঁৱত ব্ৰহ্মপুত্ৰ আৰু মানাহ নৈৰ তাণ্ডৱ

বাঢ়নী পানীয়ে অঞ্চলবাসীৰ ঘৰ বাৰী ,কৃষি-ভূমি প্লাৱিত কৰাৰ লগতে লতিবাৰী NRC কেন্দ্ৰ, বিদ্যালয় ,বাটপথ জলমগ্ন কৰি তুলিছে । বানাক্ৰান্ত অঞ্চলত বৰ্তমানলৈ কোনো জনপ্ৰতিনিধি অথবা প্ৰশাসনৰ লোক উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ ।

ABOUT THE AUTHOR

...view details