অসম

assam

ETV Bharat / state

বানাক্ৰান্তৰ মাজত সাহায্য বিতৰণ আমছুৰ

মথাউৰিত আশ্ৰয় লোৱা বন্যাৰ্তৰ অৱস্থাৰ বুজ লয় আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে । চৰকাৰক পৰ্যাপ্ত পৰিমাণে সাহায্য বিতৰণ কৰিবৰ বাবে দাবী জনাই ৷

By

Published : Jul 26, 2020, 12:03 PM IST

flood-relief-distibutaion-at-aamsu-manikmur-bonaigoan
আমছুৰ বানাক্ৰান্তৰ মাজত সাৰ্হায্য বিতৰণ

উত্তৰ অভয়াপুৰী,২৬ জুলাইঃ বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ভাণ্ডাৰাত মথাউৰিৰ ওপৰত আশ্ৰয় লোৱা শ শ বন্যাৰ্তৰ অৱস্থাৰ বুজ লয় আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে। আই আৰু মানাহ নদীৰ প্ৰলয়ংকাৰী বানে সমগ্র জিলাখনতে ত্ৰাসৰ সৃষ্টি কৰিছে । হাজাৰ-হাজাৰ পৰিয়াল গৃহহীন হৈ পৰিছে। পানীৰ সোঁতে ঘৰ ভেটি উটুৱাই নিয়াত বিভিন্ন আশ্ৰয় শিবিৰত থকাৰ লগতে ভাণ্ডাৰাত এটা মথাউৰিত আশ্ৰয় লৈছে শ শ পৰিয়ালে ।

ইপিনে ৰদ বৰষুণৰ মাজতে এখন তিৰপালৰ তলতে পশুৰ দৰে সহৱস্থান কৰিছে বন্যাৰ্তই । খাদ্য সামগ্ৰীৰ আৰু বিশুদ্ধ খোৱা পানীৰ অভাৱে দেখা দিছে আশ্ৰয় শিবিৰ সমূহত । আশ্ৰয় শিবিৰত নাই এটা দমকল । যাৰবাবে এনে পৰিস্থিতিত পশুৰ দৰে যন্ত্ৰণাদায়ক জীৱন পাৰ কৰিব লগীয়া হৈছে বন্যাৰ্তই । কিন্তু ইমানৰ পাছতো কান-সাৰ নিদিয়াৰ অভিযোগ বঙাইগাঁও জিলা প্ৰশাসন তথা জনপ্ৰতিনিধিৰ বিৰুদ্ধে ।

আমছুৰ বানাক্ৰান্তৰ মাজত সাৰ্হায্য বিতৰণ

আনহাতে ভাণ্ডাৰাত থকা এই আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে আশ্ৰয় শিবিৰত থকা লোক সকলৰ মাজত সামান্য খাদ্য সামগ্ৰী বিতৰণ কৰে । ইপিনে আমছুয়ে বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনোৱাৰ লগতে অসমক মাহী আইৰ চকুৰে চোৱা বুলি অভিযোগ কৰি কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰে । অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বান পীড়িত লোকক উপযুক্ত সাহায্য প্ৰদানত ব্যৰ্থ হোৱাৰ অভিযোগ কৰিছে । লগতে বান পীড়িত ভিতৰুৱা অঞ্চল সমূহ পৰিদৰ্শনৰ কৰিবলৈ আহ্বান জনাইছে ছাত্ৰনেতা ৰেজাউল কৰিম সৰকাৰে ।

লগতে পঢ়কঃ ৰংপুৰ : য'ৰ পৰা আৰম্ভ হৈছিল বৃহৎ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া

ABOUT THE AUTHOR

...view details