অসম

assam

ETV Bharat / state

কংগ্ৰেছ মানেই দুৰ্নীতি,ভ্ৰষ্টাচাৰ,বৈষম্য,সংঘাত : মুখ্যমন্ত্ৰী সোণোৱাল

কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰীৰ প্ৰশংসাত মুখৰিত মুখ্যমন্ত্ৰী সোণোৱাল ৷ অভয়াপুৰীত নিৰ্বাচনী প্ৰচাৰ চলাই কুমাৰ দীপক দাসক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

By

Published : Apr 20, 2019, 8:55 PM IST

অভয়াপুৰী, 20 এপ্ৰিল : তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে অভয়াপুৰীত মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অভয়াপুৰীত নিৰ্বাচনী প্ৰচাৰ চলাই বিৰোধী দল কংগ্ৰেছৰ সমালোচনাত মুখৰ হৈ পৰে মুখ্যমন্ত্ৰী ৷ কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কংগ্ৰেছ মানেই দুৰ্নীতি,ভ্ৰষ্টাচাৰ,বৈষম্য,সংঘাত,গোষ্ঠীগত সংঘৰ্ষ বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷ 1952 চনৰ পৰাই কংগ্ৰেছৰ 55 বছৰীয়া শাসনকালত একো নকৰা কংগ্ৰেছ দলে ৰাইজক প্ৰতাৰণা কৰি আহিছে ৷ যাৰ বাবে 2014 চনত কংগ্ৰেছক উৎখাত কৰি বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰক শাসনৰ গাদীত বহুৱাইছিল ৰাইজে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

ইপিনে সৰ্বানন্দ সোণোৱালে ধৰ্মৰ নামত ভোট বিচাৰি নিৰ্বাচনী আচৰণবিধি উলংঘা কৰা বুলি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৰা অভিযোগ সম্পৰ্কত মত প্ৰকাশ কৰি ৰাইজে দেখিছে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰিছো নে নাই, কংগ্ৰেছে সদায় আমাৰ বেয়াটোহে দেখে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ আনহাতে বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ দক্ষতা সন্দেহাতীত বুলি উল্লেখ কৰি প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ ৷

ABOUT THE AUTHOR

...view details