অসম

assam

ETV Bharat / state

বঙাইগাঁৱত চিকিৎসকৰ প্ৰতিবাদ

কলকাতাৰ নীল ৰতন শিলকাৰ মেডিকেল কলেজত কৰ্তব্যৰত চিকিৎসকক আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদ জনাই চিকিৎসকসকলে ক'লা বেজ পৰিধান কৰি সাব্যস্ত কৰে প্ৰতিবাদ

বঙাইগাঁৱত চিকিৎসকৰ প্ৰতিবাদ

By

Published : Jun 14, 2019, 10:15 PM IST

Updated : Jun 18, 2019, 10:56 AM IST

বঙাইগাঁও,১৪জুন: শুকুৰবাৰে বঙাইগাঁৱৰ গান্ধী ময়দানত প্ৰতিবাদ সাব্যস্ত কৰে 'INDIAN MEDICAL ASSOCIATION'ৰ চিকিৎসকসকলে। কলকাতাৰ নীল ৰতন শিলকাৰ মেডিকেল কলেজত কৰ্তব্যৰত চিকিৎসকক আক্ৰমণ কৰা ঘটনাৰ বাবে প্ৰতিবাদী চিকিৎসকসকলে ক'লা বেজ পৰিধান কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তৰ জড়িয়তে প্ৰধানমন্ত্ৰীক এখন স্মাৰক পত্ৰও প্ৰদান কৰে। ইফালে, চিকিৎসকৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আইন প্ৰণয়নৰ দাবী জনায় প্ৰতিবাদী চিকিৎসকসকলে।

উল্লেখ্য যে,পশ্চিমবংগত চিকিৎসকক কৰা আক্ৰমণৰ বাবে শিলচৰতো চিকিৎসকসকলে সাব্যস্ত কৰে প্ৰতিবাদ।

বঙাইগাঁৱত চিকিৎসকৰ প্ৰতিবাদ
Last Updated : Jun 18, 2019, 10:56 AM IST

ABOUT THE AUTHOR

...view details