অসম

assam

ETV Bharat / state

ইউটিচি মানি নোলোৱাৰ হুংকাৰ ছাত্ৰ সংগঠনৰ যৌথ মঞ্চৰ

ইউটিচি গঠনৰ বিৰোধিতাৰে ছাত্ৰ সংগঠনৰ যৌথ মঞ্চৰ সংবাদমেল ৷ চৰকাৰৰ এই সিদ্ধান্ত দুৰ্ভগ্যজনক বুলি মন্তব্য কৰি কোনোপধ্যেই মানি নোলোৱাৰ হুংকাৰ ৷

By

Published : Jan 26, 2020, 12:28 PM IST

Bongaigaon joint Pressmeet AKRSU ABMSU
ইউটিচি মানি নোলোৱাৰ হুংকাৰ ছাত্ৰ সংগঠনৰ যৌথ মঞ্চৰ

বঙাইগাঁও, 26 জানুৱাৰীঃ ইউটিচি গঠনৰ তীব্ৰ বিৰোধিতা ছাত্ৰ সংগঠনৰ ৷ ইয়াৰ প্ৰতিবাদতে 27 জানুৱাৰীত 12 ঘণ্টীয়া অসম বন্ধৰ আহ্বান কেইবাটাও ছাত্ৰ সংগঠনৰ ৷ শনিবাৰে বঙাইগাঁওত কেইবাটাও ছাত্ৰ সংগঠনে এক যৌথ সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ৷ বঙাইগাঁৱস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই সংবাদমেলত আক্ৰাছুৰ সভাপতি ৰিয়ন ৰায়ে ইউটিচি গঠনৰ সিদ্ধান্তক দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে ৷ ইয়াক কোনোপধ্যে মানি লোৱা ন’হব বুলিও হুংকাৰ প্ৰদান কৰে ৷ লগতে তেওঁ কয় যে অন্যান্য জাতি-জনগোষ্ঠীক অন্ধকাৰত ৰাখি এই চুক্তি কৰিবলৈ গৈ আছে বুলিও উল্লেখ কৰে ৷ লগতে কোচ-ৰাজবংশীসকলৰ জনজাতিকৰণৰ নামতো ভেকোভাওনা কৰি আহিছে বুলিও মন্তব্য আগবঢ়ায় ৷

ইউটিচি মানি নোলোৱাৰ হুংকাৰ ছাত্ৰ সংগঠনৰ যৌথ মঞ্চৰ

আক্ৰাছু, এবিএমএচইউ তথা অন্যান্য দল-সংগঠনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে যদিও অসম দ্বি-খণ্ডিত হোৱাৰ উপক্ৰমত আছুৰ নিৰৱ ভূমিকাক সমালোচনা কৰে আক্ৰাছুৰ সভাপতিগৰাকীয়ে ৷ ইয়াৰোপৰি তেওঁ গণতন্ত্ৰ দিৱস বৰ্জনৰো তেওঁ আহ্বান জনায় ৷ ইয়াৰোপৰি আক্ৰাছুৰ উপদেষ্টা প্ৰদীপ ৰায়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি বলপূৰ্বকভাৱে চৰকাৰে ইয়াক জাঁপি দিব খুজিছে বুলি উল্লেখ কৰে ৷

আনহাতে এই সংবাদমেলত এবিএমএচইউৰ সভাপতি আবুছায়েদ আনছাৰীয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও ঘোষণা কৰে ৷ তাৰোপৰি আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা গণতান্ত্ৰিক আন্দোলনক মশিমূৰ কৰি অখিল গগৈকে ধৰি গ্ৰেপ্তাৰ কৰা আন সদস্যবোৰৰ কথাও উল্লেখ কৰে ৷

আৰু পঢ়কঃসৱল গণতন্ত্ৰৰ বাবে ভোটাৰৰ সাক্ষৰতা!

ABOUT THE AUTHOR

...view details