বঙাইগাঁও, 11 ফেব্ৰুৱাৰী : বঙাইগাঁও জিলাৰ পাতিলাদাহত শুকুৰবাৰৰ দিন দুপৰতে এক গুলীচালনা ঘটনা সংঘটিত হয় ৷ দুৰ্বৃত্তৰ গুলীত গুৰুৰ্তৰভাৱে আঘাট প্ৰাপ্ত হয় এজন ব্যৱসায়ী ৷
বঙাইগাঁৱৰ কুৰ্শামাৰীৰ পাতিলাদহা-আলুখুন্দা পথত সংঘটিত হয় এই ঘটনা ৷ দুৰ্বৃত্তৰ গুলীত আঘাট প্ৰাপ্ত ব্যৱসায়ীজনৰ নাম চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ২নং গৰাইমাৰীৰ 35 বছৰীয়া ৰফিকুল ইছলাম বুলি জানিবপৰা গৈছে ৷
স্থানীয় লোকে সদৰি কৰা মতে, এটা দুৰ্বৃ্ত্ত এখন মটৰ চাইকেলেৰে আহিছিল আৰু পাতিলাদাহত উপস্থিত হোৱাৰ পিচতে ব্যৱসায়ী ৰফিকুল ইছলামক লক্ষ্য কৰি গুলী চালনা কৰিছিল ৷ গুলীচালনা কৰাৰ পিচতে দুৰ্বৃত্তই সেই স্থানৰ পৰা পলায়ন কৰে বুলি সাংবাদিকক জানিবলৈ দিয়ে স্থানীয় লোকে ৷
উল্লেখ্য যে, অতি সংকটজনক অৱস্থাত ব্যৱসায়ীজনক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷
লগতে পঢ়ক:এম্বুলেঞ্চৰ চালকৰ আসনত বিধায়িকা নন্দিতা দাস